Pages

Saturday, April 16, 2011

দৈনন্দিন: খণ্ড: ১

ইণ্টাৰনেটত অসমীয়া ভাষা-ভাষণিকা:


যোৱা বছৰমানৰ কথা৷ বন্ধু দেৱজ্যোতি মহন্তৰ 'ৱাল পোষ্ট' তেওঁৰ অনুজ ভাতৃপ্ৰতীম প্ৰণৱজ্যোতি ভূঞাই অসমীয়া লিপি অভিমত প্ৰেৰণ কৰা দেখিলোঁ৷ দেখিয়েই আপ্লুত হৈ পৰিলোঁ৷ বন্ধুক খাটনি ধৰিলোঁ, প্ৰণৱৰ পৰা অসমীয়া লিপিত লিখাৰ কৌশলটো শিকি আহি মোক শিকাবৰ বাবে৷ দুদিনমানৰ পাচত মো নিৰাশ কৰি বন্ধুৱে 'লে যে প্ৰণৱৰ কম্পিউটাৰটোত অসমীয়া 'চফটৱেৰ' লগোৱা আছে৷ সঁচাকৈ কৈছোঁ সিদিনা যে প্ৰণৱৰ প্ৰতি মোৰ খুব ঈৰ্ষা হৈছিল (বেয়া নাপাবাদেই প্ৰণৱ, মুকলিকৈ 'লোঁ J) সিদিনা হতাশ হৈছিলোঁ যদিও কম্পিউটাৰত অসমীয়া আখৰ লিখাৰ আগ্ৰহৰ প্ৰৱণতাটো কিন্তু মোৰ দিনে দিনে বাঢ়ি গৈ আছিল৷ এনেকৈ দিনবোৰ বাগৰি 'ল৷ লাহে লাহে ইণ্টাৰনেটত মোৰ বন্ধু-বান্ধৱৰ সংখ্যাও বাঢ়ি 'ল৷ এনেতে এদিন অৱন্তিকা পৰাশৰে মোক "নলবেইৰা ফেচবুক" নামৰ গোটটোত অন্তৰ্ভুক্ত কৰিলে৷ তাতে লগ পালোঁ হৃষীৰাজ শৰ্মাক৷ হৃষীয়ে মোক 'আমি অসমীয়া' 'অসমীয়াত কথা-বতৰা'কে আদি কৰি বহুতো গোটত অন্তৰ্ভুক্ত কৰিলে৷এই গোটবোৰত সোমাই দেখিলোঁ যে আমাৰ পৃথিৱীখন বহু আগুৱাই গৈছে৷ কেতিয়াবা কিবা এষাৰ ক’বলৈ মন যায়, কিন্তু কোৱাহে নহয়৷ কাৰণ মই অসমীয়া লিপিত লিখিব নাজানোঁ৷ (মানুহবোৰৰ এই গোটবোৰৰ প্ৰতি এই কাৰণটোৰ বাবেও অনীহা হ’ব পাৰে দেই! অংক কৰি টান পোৱা/নেওতা বা এলজেব্ৰাৰ ফৰ্মুলা মুখস্থ কৰিব নোৱাৰা শিক্ষাৰ্থী এজনেও অংক কৰি বেয়া পায়৷) হৃষীয়ে  কেতিয়াও অসমীয়া আখৰত লিখিবলৈ মোক একো জোৰ কৰা নাছিল৷ কিন্তু কিবা এটা সুধিলে উত্তৰটোহে অসমীয়া আখৰত দিছিল J এনেয়ো মোৰ আগ্ৰহটোতো আছিলেই, এতিয়া হৃষীৰ উত্তৰ লিখাৰ কায়দাবোৰত মই আৰু বেছি প্ৰলোভিত হৈ পৰিলোঁ৷ এদিন সুধিয়েই পেলালোঁ৷ সোধা মাত্ৰেই তেওঁ মোলৈ দিহা-পৰামৰ্শসহ  inbox-ত msg পঠিয়াই দিলে৷ তাৰপাচত, এইবাৰ আহিল অঞ্জলৰ পাল৷ এদিন অঞ্জলে মোলৈ msg এটা পঠিয়ালে "আপুনি অসমীয়াত লিখা নাই কিয়?" এইবুলি অঞ্জলেও মোলৈ ইণ্টাৰনেটত অসমীয়া লিখাৰ link পঠিয়ালে৷ অৱশেষত মই অসমীয়া আখৰত লিখিব পৰা 'লোঁ৷ মোক উৎসাহিত কৰা বাবে হৃষী আৰু অঞ্জলৰ ওচৰত মই কৃতজ্ঞ৷ পাৰোঁ নে নোৱাৰোঁ বুলি চাবলৈ যিদিনাই কম্পিউটাৰত পৃথিৱীৰ আটাইতকৈ সহজ অথচ গুৰুত্বপূৰ্ণ শব্দ "মা" অসমীয়া আখৰত লিখিছিলোঁ আনন্দই পাৰ নধৰা হৈছিল৷ J
এতিয়া মূল কথাটো ' অসমীয়া আখৰত লিখাৰ প্ৰয়োজনীয়তানো কি? হয়, অসমীয়া আখৰত লিখাৰ প্ৰয়োজনীয় দিশ বহুতো আছে৷ ব্যৱহাৰগত দিশৰ প্ৰয়োজনীয়তাৰ বিষয়ে বিজ্ঞজনে 'ব৷ মই ' বিচাৰিছোঁ অতি সাধাৰণ যেন লগা দিশ এটাৰ কথাহে৷ ২০০৫-ত জীৱিকাৰ তাড়নাত দিল্লী অভিমুখী হোৱাৰ দিনৰে পৰাই যেতিয়াই অসমলৈ যাওঁ, উভতিবৰ পৰত কিতাপৰ টোপোলা এটা সদায় লগত আহে৷ কোনোবা আহিলেও লৈ আহে অথবা প্ৰয়োজন সাপেক্ষে ডাকত পঠিয়ায়৷ তেতিয়াই এনে এচাম ছাত্ৰ-ছাত্ৰীৰ লগত কথা হৈছিলোঁ, যিবোৰে কেৱল অসমীয়া আখৰকেইটা এপলকৰ বাবে চাবলৈ ইউনিভাৰ্চিটি লাইব্ৰেৰীলৈ ঢাপলি মেলে৷ অনুভৱ কৰিছিলোঁ তেওঁলোকৰ সেই বুভুক্ষা!! তেওঁলোকে কৈছিল, কেতিয়াবা এনেদিনো পাৰ হৈছিল যিদিনা ঘৰৰ পৰা বাতৰি কাকতেৰে মেৰিয়াই পঠোৱা পাৰ্চেলতকৈও মেৰ খাই অহা বাতৰি কাকতখনহে বেছি দৰকাৰী যেন লাগিছিল৷ তেওঁলোকৰ হেঁপাহ দেখি আমি কিতাপ-আলোচনীৰ আদান-প্ৰদানো কৰিছিলোঁ৷ (কিন্তু লাভৰ মূৰত বহুতো কিতাপ হেৰুৱালোঁ৷ সেয়া এক অন্য কাহিনী.....) এতিয়া ভাবিছোঁ এই কৌশলবোৰ আগতে আয়ত্ব কৰা হ’লে কিমান ভাল আছিল!!
মই কম্পিউটাৰত অসমীয়া আখৰ লিখিবলৈ শিকা বেছি দিন হোৱা নাই৷ অসমীয়া আখৰত লিখিবলৈ অনুপ্ৰেৰণা যোগোৱা এই গোটবোৰত জড়িত হৈ অনুভৱ কৰিব পাৰিছোঁ, ইমানদিন মই কিহৰ অভাৱত ভুগি আছিলোঁ৷ কেইদিনমান আগতে বন্ধু চৈতন্যৰ লগতো তাকেই আলোচনা কৰিছিলোঁ৷ আচলতে কি জানে ৰাইজ, যিকোনো কামতে সংঘাত (সমাজৰ লগত ব্যক্তিৰ সংঘাত/ব্যক্তিৰ লগত ব্যক্তিৰ সংঘাত/নিজৰ মনৰ লগত ব্যক্তিবিশেষৰ সংঘাত) থাকে কিন্তু পৰিস্থিতি বিশেষে এই সংঘাতবোৰে কামটো অধিক ফলদায়ী হোৱাত সহায়হে কৰে৷ ইয়াতো দেখিছোঁ এচাম মানুহে এতিয়াও নিজৰ গোড়ামিৰ সীমা ভাঙি ওলাই আহিব পৰা নাই৷ তেওঁলোকে নিজেও নিশিকে আৰু আনে শিকিলেও FB অসমীয়া লিখাৰ ভুতে লম্ভিলে" বুলি টিতকাৰি দিয়ে৷ কিন্তু মানুহৰ এনে গোড়া মানসিকতাৰ পৰিৱৰ্তন ঘটিবলৈ আৰু বেছি দিন নাই৷ শিকাৰ কোনো সময় নাই, শিক্ষাৰ্থীৰ কোনো বয়স নাই৷ আমি সদায় আশাবাদী৷ আশা কৰোঁ আমি সফল ' পাৰিম৷ এজনক শিকাই বুজাই সৈমান কৰাব পাৰিলে দহজনক নোৱাৰাৰ কাৰণ নাই৷ আৰু সময়ত সেই দহজনে এশজনলৈ বৃদ্ধি পাব, আৰু এশজন হাজাৰজনলৈ..... J আৰু তেতিয়াই তেওঁলোকেও অসমীয়া লিপিত লিখিব পৰা হৈ আমাৰ শান্তনু দা(শান্তনু কৌশিক বৰুৱা)ৰ দৰে লিখিব “চিৰ চেনেহী মোৰ ভাষা জননী” J

Monday, April 4, 2011

যান্ত্ৰিক

অনুভৱবোৰ কিনিব পৰা হ'লে !
ভিন্ন স্বাদৰ অনুভৱবোৰ !!
প্ৰেমিকবোৰে আহি ভিৰ কৰিবহি
প্ৰেমৰ শ্ব'ৰুমৰ দুৱাৰদলিত
প্ৰেম নোপোৱাবোৰে পাবলৈ
পোৱাবোৰে আৰু বেছি পাবলৈ
পায়ো হেৰুৱাবোৰো আহিব
আকৌ এবাৰ ভাগ্য জুখিবলৈ

দৰ-দাম কৰিব ৷
আটাইতকৈ চৰা দামত
বিক্ৰি হ'ব সুখী অনুভৱবোৰ !
মুখৰ আগত চেঙা লুটি খাই
পৰি থাকিব দুখবোৰ....

প্ৰেমিকবোৰে কেৰাহিকৈয়ো চাব নুখুজে
দুখী অনুভৱবোৰ
ভয় হয়---- কি ঠিক
ডিচকাউণ্টৰ প্ৰলোভন দি
টানি টানি মেৰিয়াই
পিন্ধাই দিয়ে যদি দুখৰ পোচাক !

মহঙা দিনৰ গোলকীয় কায়দা....
প্ৰেমিকবোৰে বুজিয়েই নাপায়
দৰ-দাম কৰি কৰি
চৰা দামত কিনা
প্ৰেমৰ বজাৰৰ সুখবোৰৰ লগত
বিনামূলীয়াকৈ আহে দুখী অনুভৱবোৰ !!
------------------------------

(২০০৯ চনত প্ৰকাশিত এই কবিতাটো, দিল্লীত অনুষ্ঠিত এখন বহুভাষিক কবি-সন্মিলনত হিন্দী অনুবাদসহ ২০০৮ চনত পাঠ কৰা হৈছিল ৷)  

Wednesday, March 23, 2011

অংক-জংক-পংক


                                                                                            

কেতিয়াবা নভবাকৈ যে কেনেধৰণৰ খেলিমেলি কিছুমান হয় নহয়, পাছত সেইবোৰ মনত পৰিলে এনেয়ে হাঁহি উঠি থাকে৷ মোৰ এজন বন্ধু আছে৷ নাম ইন্দ্ৰজিত৷ বন্ধুৰ লগত মোটামুটি এটা ভাল সম্পৰ্ক আছে৷ পূজা, বিহু বুলি ফোনৰ জৰিয়তে শুভাচ্ছাৰ আদান-প্ৰদানো চলে৷ ২০১০ চনৰ নবেম্বৰ মাহৰ কথা৷ দিপাৱলীৰ বতৰ৷ ফোনটো অনবৰত বাজিয়েই আছে৷ দীপাৱলীৰ শুভেচ্ছা জনাবলৈ কোনোবাই ফোন কৰিছে, কোনোবাই মেছেজ দিছে ইত্যাদি ইত্যাদি৷ তেনেতে মেছেজ এটা আহিল ইন্দ্ৰজিতৰ পৰা৷ ইংৰাজী ভাষাত লিখা দীপাৱলীৰ শুভেচ্ছা-বাৰ্তা এটা৷ মেছেজটো পঢ়ি উঠি শেষত দেখিলোঁ, "উইথ ৰিগাৰ্ডচ----- বব্বী৷" হাঁহি উঠি ' মোৰ৷ ভাবিলোঁ, এইজনাই মেছেজটো ফৰৱাৰ্ড কৰোঁতে আগৰ চেণ্ডাৰজনৰ নামটো মোহাৰিবলৈ পাহৰি ' কিজানি৷ সেই একেটা ভুলকে আনৰ লগত নকৰক বুলি ভাবি তেওঁলৈ ৰিপ্লাই এটা লিখিলোঁ----- "থেংক ইউ এণ্ড উইচ য়্যু দা চেম৷ কিন্তু কাৰোবালৈ মেছেজ পঠিয়ালে আগৰ প্ৰেৰকজনৰ নামটো ডিলিট কৰি দিব লাগে বুলি পাহৰিলা নেকি!" ' কথা গুছিল, ইন্দ্ৰজিতৰ আৰু একো ৰিপ্লাই নাহিল৷ ময়ো কথাটো পাহৰিলোঁ৷


সেইকেইদিনতে মা-দেউতাহঁত দিল্লীলৈ আহিছিল আৰু আমি জয়পুৰলৈ ফুৰিবলৈ যোৱাৰ কথা আছিল৷ মোৰ এজন চিনাকী টেক্সী ড্ৰাইভাৰ আছে৷ শিখ মানুহ, বিশ্বাসী মানুহ৷ আগে-পিছেও বহুবাৰ মই তাৰ গাড়ীত উঠি বহু ঠাইলৈ গৈছোঁ৷ সেইবাবেই এইবাৰো দ্বিতীয়বাৰ একো নভবাকৈ তাক ফোন কৰিলোঁ৷ ফোন কৰিবলৈহে পালোঁ, তাৰ কি সাহ!!! মনতে ভাবিলোঁ, আজি আকৌ ইয়াৰ কি '!! খুব ফুৰ্তিত সি 'লে "নমস্তে মেডামজী৷ অউৰ মেডাম, উচদিন আপকা মেছেজ মিলা থা৷ বহত খুচী হুয়ী৷" এইবাৰ মোৰ আচৰিত হোৱাৰ পাল৷ মনত পেলাবলৈ চেষ্টা কৰিলোঁ, ইয়াক মই কেতিয়া মেছেজ কৰিছিলোঁ?? নাইতো, মনত পৰা নাই৷ মই অকণমান সময় ৰোৱা বাবেই নেকি সি মোক মনত পেলাই দিবৰ বাবে উঠি-পৰি লাগিল৷ 'লে "মেডামজী ৱহ আপনে দিৱালী কে দিন মেছেজ কিয়া থা না৷" তথাপিও মনত পেলাব নোৱাৰি মই অলপ পৰ টলকা মাৰি 'লোঁ "হা ভাইয়া কিয়া হোগা৷" এইবাৰ সি যিটো কথা 'লে, শুনি মোৰ চকু কপালত উঠিল৷ 'লে "মেডামজী, আপনে আচামিজ মে কুছ লিখ্খা থা৷ মুঝে বহত খুছী হুয়ী৷ অউৰতো অউৰ মেডামজী, মেৰে জিতনে চাৰে আচামিজ ফ্ৰণ্ডচ হে, চবকো মেইনে আপৱালী মেছেজ ফৰৱাৰ্ড ভী কৰ দিয়া৷ চবলোগ বহত খুচ হুৱে৷" এইবাৰ মোৰ টিউব লাইট জ্বলিল৷ হে ভগৱান, কি কৈ আছে !! কথাটো আৰু বেছি দূৰলৈ নাটানি প্ৰসংগ সলালোঁ৷
গোলমালটো ' কেনেকৈ ' বুজিবলৈ আৰু বাকী নাথাকিল৷ আচলতে সেই ড্ৰাইভাৰজনৰ নাম ইন্দৰজিত৷ কিন্তু আমাৰ মাজৰে কোনোবা এটা খাৰ খোৱা অসমীয়াই প্ৰথমে যেতিয়া মোক তাৰ কথা কৈছিল তেতিয়া তাৰ নামটো ইন্দ্ৰজিত বুলি কৈছিল৷ পাছলৈ তাৰ প্ৰকৃত নামটো মই জানিছিলোঁ যদিও যিকোনো কাৰণৰ বাবেই হওক ফোনত শুদ্ধকৈ নামটো চেভ কৰা হোৱা নাছিল৷ লগে লগে ফোনৰ মেছেজ বক্স খুলি মেছেজটো আৰু তাৰ তলত অহা ফোন নম্বৰটো চাই দেখিলোঁ যে, দিপাৱলীত পোৱা সেই মেছেজটো মোৰ বন্ধু ইন্দ্ৰজিতৰ পৰা অহা নাছিল, আহিছিল ইন্দৰজিতৰ পৰাহে৷ মই বন্ধুৰ মেছেজ বুলি ভুল শুধৰাব 'লোঁ আৰু এইজনে জানো কৰ কিমান অসমীয়া মানুহক তাকেই ফৰৱাৰ্ড কৰিলে! ইমানবোৰ খেলিমেলি ' এই "ইন্দ্ৰজিত" নামটোৰ পৰাহে৷ আৰু এইফালে আচল ইন্দ্ৰজিতে গমেই নাপায়৷
পাছত কথাবোৰ মা-দেউতা, বাবা-জোন, দেৱজ্যোতি, ইন্দ্ৰজিতহঁতৰ আগত কওঁতে সিহঁতৰ কি ফূৰ্তি, সোপাই হাঁহিত ফাটি পৰিছিল৷ মোৰহে ' যাওঁ, কি কৰোঁ অৱস্থা হৈছিল৷ ছে: কি যে অংক-জংক-পংকখন হৈ ' নহয়৷