Pages

Monday, April 4, 2011

যান্ত্ৰিক

অনুভৱবোৰ কিনিব পৰা হ'লে !
ভিন্ন স্বাদৰ অনুভৱবোৰ !!
প্ৰেমিকবোৰে আহি ভিৰ কৰিবহি
প্ৰেমৰ শ্ব'ৰুমৰ দুৱাৰদলিত
প্ৰেম নোপোৱাবোৰে পাবলৈ
পোৱাবোৰে আৰু বেছি পাবলৈ
পায়ো হেৰুৱাবোৰো আহিব
আকৌ এবাৰ ভাগ্য জুখিবলৈ

দৰ-দাম কৰিব ৷
আটাইতকৈ চৰা দামত
বিক্ৰি হ'ব সুখী অনুভৱবোৰ !
মুখৰ আগত চেঙা লুটি খাই
পৰি থাকিব দুখবোৰ....

প্ৰেমিকবোৰে কেৰাহিকৈয়ো চাব নুখুজে
দুখী অনুভৱবোৰ
ভয় হয়---- কি ঠিক
ডিচকাউণ্টৰ প্ৰলোভন দি
টানি টানি মেৰিয়াই
পিন্ধাই দিয়ে যদি দুখৰ পোচাক !

মহঙা দিনৰ গোলকীয় কায়দা....
প্ৰেমিকবোৰে বুজিয়েই নাপায়
দৰ-দাম কৰি কৰি
চৰা দামত কিনা
প্ৰেমৰ বজাৰৰ সুখবোৰৰ লগত
বিনামূলীয়াকৈ আহে দুখী অনুভৱবোৰ !!
------------------------------

(২০০৯ চনত প্ৰকাশিত এই কবিতাটো, দিল্লীত অনুষ্ঠিত এখন বহুভাষিক কবি-সন্মিলনত হিন্দী অনুবাদসহ ২০০৮ চনত পাঠ কৰা হৈছিল ৷)  

2 comments:

  1. ............বিনামূলীয়াকৈ আহে দুখী অনুভৱবোৰ!!....সুন্দৰ....
    ------------------

    ReplyDelete
  2. বহুতো ধন্যবাদ নীলকমল...

    ReplyDelete