Pages

Wednesday, March 23, 2011

অংক-জংক-পংক


                                                                                            

কেতিয়াবা নভবাকৈ যে কেনেধৰণৰ খেলিমেলি কিছুমান হয় নহয়, পাছত সেইবোৰ মনত পৰিলে এনেয়ে হাঁহি উঠি থাকে৷ মোৰ এজন বন্ধু আছে৷ নাম ইন্দ্ৰজিত৷ বন্ধুৰ লগত মোটামুটি এটা ভাল সম্পৰ্ক আছে৷ পূজা, বিহু বুলি ফোনৰ জৰিয়তে শুভাচ্ছাৰ আদান-প্ৰদানো চলে৷ ২০১০ চনৰ নবেম্বৰ মাহৰ কথা৷ দিপাৱলীৰ বতৰ৷ ফোনটো অনবৰত বাজিয়েই আছে৷ দীপাৱলীৰ শুভেচ্ছা জনাবলৈ কোনোবাই ফোন কৰিছে, কোনোবাই মেছেজ দিছে ইত্যাদি ইত্যাদি৷ তেনেতে মেছেজ এটা আহিল ইন্দ্ৰজিতৰ পৰা৷ ইংৰাজী ভাষাত লিখা দীপাৱলীৰ শুভেচ্ছা-বাৰ্তা এটা৷ মেছেজটো পঢ়ি উঠি শেষত দেখিলোঁ, "উইথ ৰিগাৰ্ডচ----- বব্বী৷" হাঁহি উঠি ' মোৰ৷ ভাবিলোঁ, এইজনাই মেছেজটো ফৰৱাৰ্ড কৰোঁতে আগৰ চেণ্ডাৰজনৰ নামটো মোহাৰিবলৈ পাহৰি ' কিজানি৷ সেই একেটা ভুলকে আনৰ লগত নকৰক বুলি ভাবি তেওঁলৈ ৰিপ্লাই এটা লিখিলোঁ----- "থেংক ইউ এণ্ড উইচ য়্যু দা চেম৷ কিন্তু কাৰোবালৈ মেছেজ পঠিয়ালে আগৰ প্ৰেৰকজনৰ নামটো ডিলিট কৰি দিব লাগে বুলি পাহৰিলা নেকি!" ' কথা গুছিল, ইন্দ্ৰজিতৰ আৰু একো ৰিপ্লাই নাহিল৷ ময়ো কথাটো পাহৰিলোঁ৷


সেইকেইদিনতে মা-দেউতাহঁত দিল্লীলৈ আহিছিল আৰু আমি জয়পুৰলৈ ফুৰিবলৈ যোৱাৰ কথা আছিল৷ মোৰ এজন চিনাকী টেক্সী ড্ৰাইভাৰ আছে৷ শিখ মানুহ, বিশ্বাসী মানুহ৷ আগে-পিছেও বহুবাৰ মই তাৰ গাড়ীত উঠি বহু ঠাইলৈ গৈছোঁ৷ সেইবাবেই এইবাৰো দ্বিতীয়বাৰ একো নভবাকৈ তাক ফোন কৰিলোঁ৷ ফোন কৰিবলৈহে পালোঁ, তাৰ কি সাহ!!! মনতে ভাবিলোঁ, আজি আকৌ ইয়াৰ কি '!! খুব ফুৰ্তিত সি 'লে "নমস্তে মেডামজী৷ অউৰ মেডাম, উচদিন আপকা মেছেজ মিলা থা৷ বহত খুচী হুয়ী৷" এইবাৰ মোৰ আচৰিত হোৱাৰ পাল৷ মনত পেলাবলৈ চেষ্টা কৰিলোঁ, ইয়াক মই কেতিয়া মেছেজ কৰিছিলোঁ?? নাইতো, মনত পৰা নাই৷ মই অকণমান সময় ৰোৱা বাবেই নেকি সি মোক মনত পেলাই দিবৰ বাবে উঠি-পৰি লাগিল৷ 'লে "মেডামজী ৱহ আপনে দিৱালী কে দিন মেছেজ কিয়া থা না৷" তথাপিও মনত পেলাব নোৱাৰি মই অলপ পৰ টলকা মাৰি 'লোঁ "হা ভাইয়া কিয়া হোগা৷" এইবাৰ সি যিটো কথা 'লে, শুনি মোৰ চকু কপালত উঠিল৷ 'লে "মেডামজী, আপনে আচামিজ মে কুছ লিখ্খা থা৷ মুঝে বহত খুছী হুয়ী৷ অউৰতো অউৰ মেডামজী, মেৰে জিতনে চাৰে আচামিজ ফ্ৰণ্ডচ হে, চবকো মেইনে আপৱালী মেছেজ ফৰৱাৰ্ড ভী কৰ দিয়া৷ চবলোগ বহত খুচ হুৱে৷" এইবাৰ মোৰ টিউব লাইট জ্বলিল৷ হে ভগৱান, কি কৈ আছে !! কথাটো আৰু বেছি দূৰলৈ নাটানি প্ৰসংগ সলালোঁ৷
গোলমালটো ' কেনেকৈ ' বুজিবলৈ আৰু বাকী নাথাকিল৷ আচলতে সেই ড্ৰাইভাৰজনৰ নাম ইন্দৰজিত৷ কিন্তু আমাৰ মাজৰে কোনোবা এটা খাৰ খোৱা অসমীয়াই প্ৰথমে যেতিয়া মোক তাৰ কথা কৈছিল তেতিয়া তাৰ নামটো ইন্দ্ৰজিত বুলি কৈছিল৷ পাছলৈ তাৰ প্ৰকৃত নামটো মই জানিছিলোঁ যদিও যিকোনো কাৰণৰ বাবেই হওক ফোনত শুদ্ধকৈ নামটো চেভ কৰা হোৱা নাছিল৷ লগে লগে ফোনৰ মেছেজ বক্স খুলি মেছেজটো আৰু তাৰ তলত অহা ফোন নম্বৰটো চাই দেখিলোঁ যে, দিপাৱলীত পোৱা সেই মেছেজটো মোৰ বন্ধু ইন্দ্ৰজিতৰ পৰা অহা নাছিল, আহিছিল ইন্দৰজিতৰ পৰাহে৷ মই বন্ধুৰ মেছেজ বুলি ভুল শুধৰাব 'লোঁ আৰু এইজনে জানো কৰ কিমান অসমীয়া মানুহক তাকেই ফৰৱাৰ্ড কৰিলে! ইমানবোৰ খেলিমেলি ' এই "ইন্দ্ৰজিত" নামটোৰ পৰাহে৷ আৰু এইফালে আচল ইন্দ্ৰজিতে গমেই নাপায়৷
পাছত কথাবোৰ মা-দেউতা, বাবা-জোন, দেৱজ্যোতি, ইন্দ্ৰজিতহঁতৰ আগত কওঁতে সিহঁতৰ কি ফূৰ্তি, সোপাই হাঁহিত ফাটি পৰিছিল৷ মোৰহে ' যাওঁ, কি কৰোঁ অৱস্থা হৈছিল৷ ছে: কি যে অংক-জংক-পংকখন হৈ ' নহয়৷

No comments:

Post a Comment