Pages

Monday, March 21, 2011

নৈশব্দৰ লহৰত অনুভৱ



                                                                        

যোৱা শুকুৰবাৰে মোৰ ভাইটি আহিছিল মোৰ ডিপাৰ্টমেণ্টলৈ৷ তাৰ স'তে কেণ্টিনত চাহ খাবলৈ গৈছিলোঁ৷ কেণ্টিনত আমাৰ টেবুলখনৰ পৰা কিছু দূৰত আনএখন টেবুলত দুজনী ছোৱালী আৰু চাৰিজন ল'ৰা বহি থকা দেখিলোঁ৷ প্ৰথমে কথাটোত মন দিয়া নাছিলোঁ, আন দহটা গ্ৰুপৰ মাজৰে এটা হ'ব বুলি৷ অলপ পিছত মন কৰিলোঁ সিহঁতে অংগী-ভংগীৰে কথা পাতি আছে৷ ঘটনাটো কি হৈ আছে প্ৰথমে একো ধৰিব পৰা নাছিলোঁ৷ ভালকৈ মন কৰি দেখিলোঁ যে সিহঁতৰ কাণত একোটেকৈ "হিয়াৰিং এইড"৷ এইবাৰ ঠিকেই বুজি পালোঁ৷ এটা টু-শব্দ নাই, অথচ ইমান ধুনীয়াকৈ কথা পাতি আছে সিহঁতে!! নাজানোঁ, মনটো ভাল লাগিল নে বেয়া লাগিল..... যেন এক মিশ্ৰ অনুভূতি!!! চাহ খাই ওলাই আহিলোঁ৷ বিশ্ববিদ্যালয় চৌহদতে ঘূৰি ফুৰোঁতে আকৌ সিহঁতক লগ পালোঁ৷ এইবাৰ সিহঁতে "ভেলপুৰী" খাব৷ অকণমান ৰৈ দিলোঁ, সিহঁতেনো কেনেকৈ "ভেলপুৰী" দিয়া মানুহজনৰ লগত কথা পাতে, তাকেই চাবলৈ৷ বেচ সুন্দৰকৈয়েই সিহঁতে তেওঁক বুজাব পাৰিলে৷ আনকি, ছোৱালী দুজনীয়ে ভেলপুৰীৱালাৰ লগত কথা পাতি থাকোতে অকণমান আতঁৰত ৰৈ থকা সিহঁতৰ লগৰ ল'ৰা এটাই আহি এবাৰ ভূমুকিয়াই গ'ল, ইহঁত দুজনীৰ কিবা অসুবিধা হোৱা বুলি৷ এসময়ত ভেলপুৰী হাতত লৈ সিহঁত গ'লগৈ, নিজৰ মাজতে কথা পাতি পাতি, হাঁহি-তামাচা কৰি৷ সিহঁতকেইটা যিমান ধুনীয়া, সিমানেই ধুনীয়া সিহঁতৰ কথা-বতৰা৷ আঁতৰ হৈ নোযোৱা পৰ্যন্ত সিহঁতলৈ চায়েই থাকিলোঁ৷ সিহঁতৰ ৰং-তামাচাই, শব্দবিহীন কথা-বতৰাই মোকহে যেন ঠাইতে মূক-বধিৰ কৰি থৈ গ'ল.....

No comments:

Post a Comment