Pages

Friday, March 4, 2011

সত্ত্বা


বহুদিন হ'
তাইক বিচাৰি ফুৰিছোঁ...

আাইতাৰ জোনাকী চোতালত
ফুটফুটীয়া চোলা পিন্ধি
মামাৰ কোচত উমলি ফুৰা ছোৱালীজনী
থেনথেনীয়া তাইৰ কি যে আব্দাৰ
গীত এটা গোৱানা মামা
মামাই যে মৰমতে প্ৰায়ে গোৱা গীতটি
"
' ধুনধুনীয়া মোৰ আইটিজনী"...

দোকমোকালিতে কোচ ভৰাই
তলসৰা শেৱালি বুটলা ছোৱালীজনী
বকুলৰ মালা গাঁঠি ভাল পায় তাই
দৰা-কইনা খেলি বালিভাতো ৰান্ধে তাই
পাহাৰী ঝৰ্ণাৰ দৰে হাঁহিৰ খলকনিত
ভৰাই তোলে তাইৰ সুঁতি
নদী হ'ব বিচাৰে তাই
নুপূৰৰ ৰুণজুণত ছন্দ বিচৰা ছোৱালীজনী
মা-দেউতাৰ নিৰাপত্তাত টোপনি যায়
পৃথিৱীৰ আওভাও নুবুজাকৈ
তাই মাথো জানে
মৰম অবিহনে সকলো অসাৰ
হিয়াৰ অনুৰাগী সাঁকোৰে ৰচিব খোজে
তাজমহল সপোন এটি...

বহুদিন হ'
তাইক বিচাৰি থকা
সময়ৰ সোঁতত ক'ত জানো
হেৰাই থাকিল তাই!

তাই নথকাৰ দুখত
আইতাৰ জোনাকী চোতালত চিৰালফাট
শেৱালিজুপিৰ পাতেও বৰণ সলাইছে
মইহে মাথো তাইৰ বালিভাত ৰন্ধা সামগ্ৰীবোৰ
যতনাই সামৰি থৈছোঁ...

হয়, গৈছিলোঁ
সন্ধানহীনৰ খা-খবৰ ৰখা কাৰ্যলয়লৈ
দুই-এখন বাতৰি কাকতৰ কাৰ্যলয়ো বিচাৰি উলিয়াইছিলোঁ
তাইৰ খাতিৰত
মোৰ আবেদন হেনো অগ্ৰাহ্য হ'
এয়া হেনো যথেষ্ট নহয়
সন্ধানহীনৰ সন্ধান উলিয়াবলৈ
মোৰ হাততো নাই তাইৰ এখনো ছায়াছবি

বহুদিন হ'
তাইক বিচাৰিয়েই আছোঁ...

হয় হয়, চিনাক্তকৰণৰ উপায় আছে
দুচকুত তাইৰ ৰামধেনু
দুহাতত লুকাই চুৰকৈ কঢ়িয়াই ফুৰে
সপোনৰ ৰং-তুলি
মন দি বিচাৰি চালেই আপুনিও দেখিব
সপোন দেখি ভালপোৱা ছোৱালীজনী
বিচাৰি উলিয়াবলৈ এয়া মোৰ মুকলি আবেদন
আপুনি যদি সন্ধান পায়
মোক খবৰ দিবলৈ নাপাহৰিবদেই!

মই ৰৈ থাকিম
আইতাৰ জোনাকী চোতালত
নহ'লে শেৱালিজুপিৰ তলত
নহ'লেবা বালিভাত ৰন্ধা
তাইৰ সামগ্ৰীবোৰৰ ওচৰত...


--------------

No comments:

Post a Comment