অনুভৱবোৰ কিনিব পৰা হ'লে !
ভিন্ন স্বাদৰ অনুভৱবোৰ !!
প্ৰেমিকবোৰে আহি ভিৰ কৰিবহি
প্ৰেমৰ শ্ব'ৰুমৰ দুৱাৰদলিত
প্ৰেম নোপোৱাবোৰে পাবলৈ
পোৱাবোৰে আৰু বেছি পাবলৈ
পায়ো হেৰুৱাবোৰো আহিব
আকৌ এবাৰ ভাগ্য জুখিবলৈ
দৰ-দাম কৰিব ৷
আটাইতকৈ চৰা দামত
বিক্ৰি হ'ব সুখী অনুভৱবোৰ !
মুখৰ আগত চেঙা লুটি খাই
পৰি থাকিব দুখবোৰ....
প্ৰেমিকবোৰে কেৰাহিকৈয়ো চাব
নুখুজে
দুখী অনুভৱবোৰ
ভয় হয়---- কি ঠিক
ডিচকাউণ্টৰ প্ৰলোভন দি
টানি টানি মেৰিয়াই
পিন্ধাই দিয়ে যদি দুখৰ পোচাক !
মহঙা দিনৰ গোলকীয় কায়দা....
প্ৰেমিকবোৰে বুজিয়েই নাপায়
দৰ-দাম কৰি কৰি
চৰা দামত কিনা
প্ৰেমৰ বজাৰৰ সুখবোৰৰ লগত
বিনামূলীয়াকৈ আহে দুখী অনুভৱবোৰ
!!
------------------------------
(২০০৯ চনত প্ৰকাশিত এই কবিতাটো, দিল্লীত অনুষ্ঠিত এখন বহুভাষিক
কবি-সন্মিলনত হিন্দী অনুবাদসহ ২০০৮ চনত পাঠ কৰা হৈছিল ৷)
............বিনামূলীয়াকৈ আহে দুখী অনুভৱবোৰ!!....সুন্দৰ....
ReplyDelete------------------
বহুতো ধন্যবাদ নীলকমল...
ReplyDelete