Pages

Friday, March 28, 2014

আঙুলি

                                                           
                                    (এটা এক মিনিটৰ গল্প লিখাৰ প্ৰয়াস)

            ভৰ দুপৰীয়া নিজান ঘৰটোত অকলশৰে আছোঁ। পঢ়িবলৈ উলিওৱা মামণি বাইদেউৰ কিতাপবোৰ টেবুলখনতে সিঁচৰতি হৈ আছে। কিতাপ এখন পঢ়োঁ বুলি মেলি লৈ ভাবিলোঁ, কুলাৰটোত পানী ভৰাই কোঠালিটো শীতল কৰি লৈ ভালকৈ পঢ়িম।

            পানী ভৰোৱা হোৱাৰ পাচত কুলাৰটোত বিজুলী সংযোগ কৰি চলাই দিলোঁ। নিমিষতে ফৰ্‌ফৰাই বতাহ বলিল। পঢ়িম বুলি হাতত লৈ মেলি থৈ যোৱা কিতাপখন টেবুলত তেতিয়াও ওপৰমুৱাকৈ খোল খাই পৰি আছিল। কিতাপখনৰ পৃষ্ঠাবোৰে লাহে লাহে বতাহৰ লগে লগে নাচোন ধৰিলে। মই কুলাৰটোলৈ চালোঁ। তাৰ swing bar-ত থকা লোহাৰ ৰডকেইডাললৈ চালোঁ। ৰডকেইডাল এবাৰ সোঁফালে এবাৰ বাওঁফালে ঘূৰিছে। মনটো তাৰ ওচৰলৈ আৰু ওচৰলৈ গ'ল। এই যেন তর্জনী আঙুলিটো ওচৰলৈ নি তাৰ শীতল বতাহ অলপ স্পর্শ কৰিম! এই যেন আঙুলিটোৰে তাৰ swing হৈ থকা ৰডকেইডালৰ মাজৰডাল চুই উমান ল'swing হৈ থকাৰ আবেগ-উত্তেজনা! এই যেন মোৰ আঙুলিটোক সি আৰু বেছিকৈ আকর্ষণ কৰিছে! এই যেন আঙুলিটো হঠাৎ পিছল খাই কুলাৰৰ ভিতৰত থকা পাংখাখনলৈ সোমাই গ'ল! এই যেন পাংখাখনে কাটি লৈ গ'ল মোৰ কলম ধৰা তর্জনী আঙুলিটোৰ আগছোৱা! ফোঁৱাৰাৰ দৰে ছিটিকি পৰিছে তেজ মোৰ গালে-মুখে! উস্‌ উস্ বৰ কষ্ট হৈছে।


            আঙুলিটো অজানিতে চুই চালোঁ। নাই নাই সকলো ঠিকে আছে। আউলি-বাউলি হোৱা মোৰ চুলিখিনি ৰঙা ৰিবন ডালেৰে বান্ধি ল'লোঁ।

আলহী


  

তোমাৰ বুকুৰ সেউজীয়া বাটত ফুলা
কৃষ্ণচূ্ড়া ৰাধাচূড়াৰ ফুল
এপাহ দুপাহ এজাৰ মদাৰ হৈ
বিয়পি আহে
মোৰ হৃদয়লৈ

সাত সাগৰ তেৰ নদী পাৰ নকৰিলেও হ'
নালাগে শুৱাব মোৰ লাহতী খোপা
পাহাৰ বগাই অনা কপৌপাহিৰে
দুখ পাবা!
অঘৈয়া হুলে আকুহি-বাকুহি
চিৰাচিৰ কৰিব মোৰ
বেঙুণীয়া কলিজা

লাৱণী নুবুলিবা মোক
মোৰ ওঁঠত তোমাৰ ফুলাম হাঁহি
আল্পনা অঁকা লিহিৰি আঙুলি মোৰ
কাজল সনা দুচকুত নষ্টালজিক প'ৰ্টফলিঅ'

তুমি ভালপোৱা বাবেই
মই এটি ঘূণীয়া সপোন

এখুদ এখুদকৈ সাঁচি ৰাখোঁ
চনকা হিয়াত মোৰ----
তোমাৰ নিস্তব্ধতা!
দেহৰ ভাঁজে ভাঁজে কুৰুকি কুৰুকি
মিহলি হৈ যায়
তুমিয়েই তৈয়াৰ কৰা
হলাহল

সামৰি-সুতুৰি লুকুৱাই থওঁ
অযুত-নিযুত মাইল জুৰি থকা
বিষণ্ণতাৰ সাকোঁ!
হাঁহিত মোৰ ৰ'দালিৰ জুৰণি

কমলাৰঙী বাটটোৰ সিটো পাৰে থাকা তুমি৷
ৰুক্ষ মৰুত মৰূদ্যন গঢ়িবলৈ
ব্যাকুল তুমি
শোণিত টগবগ টগবগ কৰা
তোমাৰ ব্যাকুলতা

মৰুৰ মোহনাত আকৌ ফুলাবা তুমি
কৃষ্ণচূড়া ৰাধাচূড়াৰ ফুল
আকৌ বিয়পি যাব
এজাৰ-মদাৰ হৈ
ওঁঠত ফুলিব সোণাৰুফুলীয়া হাঁহি....

তুমি
তুমি, হেঁপাহৰ দগমগ দগমগ
ৰঙা সুৰুয!

*****************

অভিনেতা

 জাউৰিয়ে জাউৰিয়ে হাত চাপৰি                                       
আৰু বহুতো বিনিদ্র ৰজনী
মোৰ নিচা আৰু পেচা    
                                                             
হাত চাপৰিয়ে পূৰাব মোৰ
আইৰ আকালৰ ভঁৰাল
বিনিদ্র ৰজনীয়ে টোপনি নিয়াব
মোৰ প্রিয়াক!

সোণালী দিনৰ অভিনয়

আৰু অভিনয়ৰ সোণালী দিন!

মোৰ আইৰ আকালৰ ভঁৰাল ভৰিল

মোৰ প্রিয়াৰ টোপনি আহিল।

পাতত বহি ৰঙচুৱা শেষ বেলি...

অভাবী সময়বোৰে গাব পাৰিব জানো

ফাগুন অথবা বসন্তৰ গান!

দুদিনৰ বাবেই মাথোঁ---

অভিনয়ৰ সোণালী দিন
আৰু সোণালী দিনৰ অভিনয়!


**********

বিষ্ণুপ্রসাদ ৰাভা আৰু অসমীয়া ভাষা-সাহিত্য-সংস্কৃতি

                       
                          
        বিষ্ণুপ্রসাদ ৰাভা মাথোঁ এটি নাম নহয়; অসমাপ্ত বিপ্লৱৰ এটি চলমান ইতিহাস। মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ পাচত যিসকল ব্যক্তিয়ে অসমৰ সমাজ জীৱনত বিশেয প্রভাৱ বিস্তাৰ কৰি থৈ গৈছে তেওঁলোকৰ ভিতৰত বিষ্ণুপ্রসাদ ৰাভা অন্যতম। একাধাৰে এগৰাকী নাট্যকাৰ, গীতিকাৰ, অভিনেতা, গল্পকাৰ, প্রৱন্ধকাৰ, ঔপন্যাসিক, ৰাজনীতিবিদ আৰু সমাজ সংস্কাৰক ৰাভা ব্যক্তিত্ব আৰু প্রতিভাৰ এক অতুলনীয় সমন্বয়।          মুক্তিকামী শিল্পী বিষ্ণুপ্রসাদ ৰাভাই অসমীয়া ভাষা, কৃষ্টি তথা সমাজ সম্পর্কে গৱেষণামূলক কামৰ পাতনি মেলি থৈ গৈছে। গৱেষণা কর্ম হিচাপে এইবোৰ সম্পূর্ণ নহয় যদিও ইয়াক এক সুন্দৰ পাতনি বুলিব পাৰি। তেওঁৰ ৰচনা--- অসমীয়া কৃষ্টি, মানৱ জাতি, অতীত অসম, অসমীয়া কৃষ্টিৰ চমু আভাষ, পল্লী সমাজ, বজ্জানৰ বিলুপ্তিৰ কাহিনী, আপতনি, ডফলা, বড়ো সমাজ, মৰাং, মটক-মৰাণ, নৰকাসুৰ, চীনদেশৰ বিপ্লৱ, ভাৰত-চীন বিবাদ, শিৱ আদিত অর্থনীতি, সমাজ-সংস্কৃতি আৰু নৃত্যৰ ক্ষেত্রত বিষ্ণুপ্রসাদৰ বৈজ্ঞানিক বিশ্লেষণাত্মক প্রতিভা আৰু গৱেষণাৰ প্রতি অনুৰাগ ফুটি উঠিছে। বিষ্ণুপ্রসাদে বৰগীতৰ স্বৰলিপি আৰু গায়ন-বায়নৰ বোল ৰচনা কৰাৰ উপৰি খোল-তালৰ উৎপত্তি সম্বন্ধে শাস্ত্রীয় তথ্যও উত্থাপন কৰি থৈ গৈছে।       অসমীয়া কৃষ্টিৰ চমু আভাষ অসমৰ সংস্কৃতি বিষয়ক এখনি সৰু পুথি। এই গ্রন্থতে তেওঁ বিহুনাচৰ লগতে নগা চাঙৰ নৃত্যত টিংখং বজোৱা, খাচী পাহাৰত কান্থেইসকলৰ উখপিং, পাহাৰৰ মিৰিয়ে ঐনিতমৰ লহৰ তোলা, বড়ো ডেকাহঁতে চিফুং বজাই চিখলাক নচুওৱা, দেউৰী চাঙত দিবঙীয়াই হাইদং গোৱা--- এই আটাইবোৰকে দাঙি ধৰিছে। কৃষিভিত্তিক এই নৃত্য পৰম্পৰাতে যে অসমৰ প্রাণ আৰু মাটিৰ সুবাস লুকাই আছে সেই কথাও কবলৈ তেওঁ পাহৰা নাই। লোক-নৃত্যৰ পৰা শাস্ত্রীয় নৃত্যলৈ, নাট-ভাওণাৰ পৰা আধুনিক নাট্যকলা তথা বোলছবিলৈ, লোকগীত-পদ, সাধুকথা-সাঁথৰ, মাধৱ কন্দলি-শংকৰদেৱৰ পৰা আধুনিক সাহিত্যলৈ, সাধাৰণ অংকণকলাৰ পৱা শৈল-ভাস্কর্য আৰু সাঁচিপাতৰ শিল্পলৈ এই আটাইবোৰ দিশতে আলোকপাত কৰা ৰাভাই অসমীয়া মানুহৰ খোৱা-লোৱা, ৰন্ধন প্রণালী, জীৱন ধাৰণ প্রণালী তথা স্থাপত্যকলা, আ-অলংকাৰ, পোচাক-পৰিচ্ছদ, লোক-চিকিৎসা, ঘৰুৱা আঁচবাব আদি বিষয়সমূহো সুৱাগুৰি তুলি আনি গ্রন্থখনত সোণত সুৱগা চৰাইছে। কবলৈ গলে অসম তথা উত্তৰ-পূবাঞ্চলৰ বিষয়ে অধ্যয়ন কৰিবলৈ ৰাভাৰ এই গ্রন্থখন এক উল্লেখযোগ্য তথ্য ভাণ্ডাৰ।       এইবোৰৰ উপৰি বিষ্ণু ৰাভাই বহুতো ৰাজনৈতিক বিষয়ৰ ওপৰত চমুটোকা, জীৱনীমূলক প্রৱন্ধ--- শংকৰদেৱ, জ্যোতিপ্রসাদ, কুশল কোঁৱৰ, গোপালচন্দ্র ৰাভা, মেক্সিম গর্কী আদি বহুতো মূল্যবান অৱদান আমালৈ দি থৈ গৈছে। নৃত্য-নাট্য সম্পর্কীয় গৱেষণামূলক প্রৱন্ধৰ ভিতৰত ভাৰতীয় সংগীত, নাটক আৰু থিয়েটাৰ, ভাৰতীয় নাট্যকলা, নৃত্যকলা, ওজাপালি, হৰ-গৌৰী নৃত্য আদি প্রধান।       গৱেষণামূলক প্রৱন্ধ তথা ৰচনাসমূহৰ উপৰি বিষ্ণু ৰাভাই বহুতো গীত, কবিতা, উপন্যাস, গল্প, ৰচনা কৰিছিল। তাৰে কিছু সংৰক্ষণ কৰা হৈছিল যদিও আন কেতবোৰ ৰচনা কালৰ কুটিল গর্ভত বিলীন হল। গল্পৰ ভিতৰত সোণপাহি’, ‘কুৰি বছৰ জেইল’, মামীৰ হাৰ’, ‘জাল কেচ’, ‘অজ্ঞাতবাসৰ কথা আৰু উপন্যাসৰ ভিতৰত মিচিং কনেং অনবদ্য অৱদান।       ৰাভাৰ গীতসমূহৰ অসমীয়া সাহিত্যত এক উল্লেখযোগ্য স্থান আছে। সংগীত শব্দটোৱে গীত-বাদ্য-নৃত্য এই আটাইকেইটা দিশকে সামৰি লয়। বিষ্ণু ৰাভা এই সকলোটি দিশতে পাৰদর্শী আছিল। তেওঁ নিজে এজন গায়ক, গীতিকাৰ, সুৰকাৰ আৰু সংগীতজ্ঞ। শাস্ত্রীয় সংগীত, থলুৱা সংগীতৰ এক সমন্বয় সাধন কৰি ৰাভাই অসমৰ সংগীত জগতত এক খলকনি তুলিবলৈ সক্ষম হৈছিল। অসমৰ মাটিৰ পৰশেৰে ৰচিত তেওঁৰ গীতবোৰৰ সাংগীতিক সুষমাই প্রতিজন অসমীয়াৰে হৃদয় স্পর্শ কৰে। গীতবোৰৰ বিষয়বস্তুও ভিন্নসুৰী। ৰোমাণ্টিক ভাৱাদর্শই তেওঁৰ প্রায়বোৰ গীততেই ভূমুকি মাৰিছে। শ্রমিক শ্রেণীক লৈ লিখা তেওঁ গীতবোৰো যথেষ্ট জনপ্রিয়।       ৰাভা আছিল অত্যন্ত কল্পনাবিলাসী। প্রিয়তমাৰ ঘিলা খোপা নাহৰ, তগৰ, কপৌফুলে নুশুৱালে নিজৰ হিয়াফুল পাৰি দিয়া, হিয়া ফালি তেজৰ পোৱাল মণি উলিয়াই পিন্ধোৱাৰ হেঁপাহ আদিত সূক্ষ্ম অনুভূতিৰ প্রকাশ ঘটিছে। মনৰ গোপন কথা হিয়াতে সাঁচি ৰাখি লগন উকলি যোৱাৰ পৰলৈ কথাৰে প্রকাশ নকৰি হিয়াৰে বুজাৰ আশা কৰাৰ অতিশয় আবেগপ্রৱণ ৰাভাৰ দৰে প্রেমিক জগতত বিৰল। বিৰহ-যাতনাত ক্লান্ত হোৱা প্রেমিকজনাই পৰজনমত প্রিয়তমাৰ লগত মিলন হোৱাৰ আশা কৰিছে।পৰজনমৰ শুভ লগনতযদিহে আমাৰ হয় দেখাপূৰাবানে প্রিয়ে এই জনমৰমোৰ হিয়াৰ অপূর্ণ আশা       এইজনা ৰাভা আকৌ অসমৰ কৃষক শ্রেণীৰ লগত সময়ে সময়ে এক হৈ পৰিছে। ৰাভাই গীতসমূহৰ মাজেৰে সমন্বয়ৰ আহ্বান জনোৱাৰ লগতে কৃষক-শ্রমিকৰ জয়ৰ সুৰ ধ্বনিত কৰিছে এইদৰে---ল বল বকৃষক শক্তি দল বনুৱা সমনীয়াআগবাঢ়ি যাওঁ ব কৃষক-বনুৱাৰ মুক্তি বাবে তেওঁ বিভিন্ন বিপ্লৱী গীত ৰচনা কৰি ৰাইজে মাজত ৰাজনৈতিক সচেতনতাও জাগৃত কৰিছিল। তেওঁ লিখিছিল---বিপ্লৱ পথৰে যাত্রী আমিসর্বহাৰাৰ মুক্তিকামীদর্প ধনীৰ আমি সংগ্রামীচূর্ণ কৰিব পণ আমাৰহুচিয়াৰ হুচিয়াৰ!ধনী মহাজন জমিদাৰ!!হুচিয়াৰ হুচিয়াৰ!!স্বদেশ প্রেমমূলক গীতবোৰত অসমী আইৰ লগতে ভাৰত মাতৃৰ প্রতিও তেওঁৰ শ্রদ্ধাৰ অঞ্জলি অর্পণ কৰিছে।       বিষ্ণু ৰাভাৰ সমগ্র ৰচনাৰাজিতে অনন্য অনুপম কৃষ্টি-প্রেমৰ প্রকাশ ঘটিছে যদিও তেওঁৰ এয়ে মোৰ শেষ গানত অসমীয়া কৃষ্টি-সংস্কৃতিৰ প্রতি যি প্রগাঢ় শ্রদ্ধা, প্রীতি আৰু প্রেমৰ সুন্দৰতম ৰূপ প্রতিফলিত হৈছে তাৰ তুলনা পাবলৈ নাই।এয়ে মোৰ শেষ গানমোৰ জীৱন নাটৰ শেষ ৰাগিনীকল্যান খৰমানআজি হল মোৰ জীৱন নাটৰভাওনাৰ অবসান।। ইয়াত অসমীয়া সমাজৰ বৰবায়ন স্বৰূপ ৰাভাই নিজৰ জীৱনৰ পাতনিতে ধেমালি-নান্দী বোৱাৰ আৰু কল্যান ৰাগ, খৰমান তালেৰে জীৱন নাট সামৰাৰ উল্লেখেৰে অসমীয়া কৃষ্টিৰ লগত একতাবোধৰ নিদর্শন দাঙি ধৰিছে।       ৰাভাৰ প্রায়বোৰ ৰচনাতে মুক্তি চেতনাৰ প্রকাশ হৈছে। সোণপাহি’, ‘হিয়াৰ পুং আদি ইয়াৰ উল্লেখযোগ্য উদাহৰণ। সোণপাহি নাৰী নির্যাতনৰ বিৰুদ্ধে নাৰী মুক্তিৰ এক অনন্য গাঁথা। হিয়াৰ পুং নামৰ গল্পত নিষ্পেষিতসকলক কিদৰে ধনী জমিদাৰ আৰু ৰাষ্ট্রই নির্দয়ভাৱে শোষণ কৰি আহিছে তাৰ ছবি প্রতিফলিত হৈছে।       নাটক আৰু নৃত্য-নাটিকাসমূহত বিষ্ণুপ্রসাদৰ সৃষ্টিৰ কুশলতা আৰু বৈপ্লৱিক আদর্শ দুয়োটাৰে সুসমন্বয় ঘটিছে। প্রয়োজনৰ তাগিদাত লিখা ন পৃথিৱীৰ নতুন যুগ আৰু মুক্তিৰ দেউল এই নৃত্য-নাটিকা দুখন তেওঁ নিজেই লিখি, নৃত্য-গীতৰ গুৰু হৈ মঞ্চত পৰিবেশনো কৰিছিল। নৃত্য-নাটিকা দুয়োখনৰে সর্বহাৰাৰ মুক্তি ইস্পিত আদর্শ হলেও কিন্তু এই দুয়োখনৰেই সাহিত্যিক মূল্য অস্বীকাৰ কৰিব নোৱাৰি। গেঙণি-ৰেঙণি নামৰ নাটিকাখনৰ ক্ষেত্রতো একে কথাই কব পাৰি। আনকি, ৰাভাই ১৯৪৬ চনত চিৰাজত কৰা অনবদ্য অভিনয়ো লেখত লবলগীয়া। শিল্পী বিষ্ণু ৰাভাই কলেজত পঢ়ি থাকোঁতে অৰিয়েণ্টেল ঠাঁচত সৰস্বতীদেৱীৰ মূ্র্তি এখন সাই কলেজত পূজাৰ বাবে উলিয়াই দিয়ে। এই ঠাঁচৰ মূর্তি এইখনেই আছিল প্রথম।       কলাগুৰু ৰাভাই তেওঁৰ জীৱনত এগৰাকী বিপ্লবী আৰু শিল্পীৰ সমন্বয় ঘটাই যি এক আদর্শ স্থাপন কৰি থৈ গল সেই আদর্শই তেওঁক অটুট অমৰত্ব প্রদান কৰিছে। তেওঁৰ বৈপ্লবিক আদর্শ, তেওঁৰ সংস্কাৰ আজিও আমাৰ বাবে প্রেৰণাৰ উৎস। দৰাচলতে, জাতি-ভাষা-ধর্মৰ নামত আমাৰ সমাজত যি বিভেদৰ সৃষ্টি হৈছে, মানৱতা আৰু নৈতিকতাৰ অবক্ষয় হৈছে, তাক ৰোধ কৰিবলৈ বিষ্ণুপ্রসাদ ৰাভাই দেখুৱাই থৈ যোৱা পথত অৱগাহন কৰি কৃষ্টি-সংস্কৃতিৰ বৰপথাৰখনত আগুৱাই যাবলৈ অহোপুৰুষার্থ কৰাৰ সময় সমুপস্থিত।














ইস্তাহাৰ


এখন বন্ধ দুৱাৰৰ সিপাৰে 
শুই থাকে
নিস্তব্ধ পৃথিৱীৰ বেদনা ৷

ক্লান্ত দুচকুত ঘৰ সাজিব বিচৰা
এটি সেউজীয়া সপোন
ৰুণুকজুনুক দুহাতেৰে
বোলাই দিয়াহি
মোৰ হৃদয়ত...

(
অঞ্জল বৰাৰ হাতত)

Thursday, March 29, 2012

চিঠি

ঠিকনা এনেয়ে দিয়া নাই
বানান ভুল হ
লেও কথা নাই
আনে নিচিনা আখৰকেইটিৰে
হৃদয়ৰ উমেৰে
এটি দুটিকৈ গঢ়া
 
মনৰ খৱৰবোৰ লিখি পঠিয়াবা
 
 

সাত সাগৰ তেৰ নদীৰ পৰিধি ভাঙি
এটি ক্ষণৰ বাবে হ
লেও
দুয়ো মিলি এক হ
ম...
তোমাৰ আবেগ ঢলা কথাৰে
পাৰ হ
ব আমাৰ
বহুতো মধুযামিনী প্রহৰ

তোমাৰ হাতৰ চিনাকী পৰশ আৰু
মৰহি যোৱা পাপৰিটিৰ সুৱাস
সাঁচি ৰাখিছোঁ মই---- গান্ধাৰীৰ দৰে !
হৃদয়ৰ জপনা খুলি থোৱাই আছে
মন গ
লেই বৰপেৰাৰ 
মুখ উদঙাই
উজাই ল
ব পাৰা
সেই চিনাকী সুৱাস...

বুকুভৰা হুমুনিয়াহটো
তুমি নুশুনা হ
লেই ভাল !
নহ
লে যে নিয়ৰ কণা হৈ সৰি পৰিম মই
এটুপি দুটুপিকৈ...

সকলো লিখিবা
ভাল-বেয়া সকলোবোৰ...
প্রেৰকৰ নাম নিদিলেও কথা নাই---
তোমাৰ হাতৰ নাচনী আখৰকেইটি
মোৰ দুচকুৰ অতিকে আপোন !
তুমি মাথোঁ
আবেগবোৰ লুকুৱাই নথ
বা
কিজানি মনৰ বতৰা আহে
হৃদয়ৰ পৰিধি ভাঙি !
ঊষা হ
ব মোৰো মন !!

আৰু
 
এবাৰ দুবাৰকৈ মই পঢ়ি যাম
পঢ়ি যাম তোমাৰ মনৰ খৱৰ
পঢ়ি যাম মই
হেঁপাহ নপলোৱালৈ...



Saturday, March 10, 2012

প্রাপ্তি




                                             (১)
            ভাল নালাগে তাইৰ এইবোৰ কিয় যে মাকজনীয়ে এনেখন কৰে ! সিহঁতৰ লগত খেলিবও নিদিয়ে থেনথেনাই উঠে তাই মাকে বুজাই বঢ়াই তাইক সৈমান কৰি থয় পুতলাজনীৰ দৰে সজাই তোলে তাইক মাকে জন্মৰ কেইমাহমান পাচৰ পৰা তিল তেল দি কিচকিচিয়া কৰি তোলা তাইৰ ঘন, দীঘল চুলিখিনি পৰিপাটীকৈ আঁচুৰি দুয়োফালে দুডাল বেণী গাঁঠি দিয়ে, উজ্জ্বল কলামণিৰ চকুদুটা কাজল সানি আৰু উজ্জ্বল কৰি দিয়ে মাকে আইতাকে কয় তাইক ছোৱালী মানুহ সদায় সাজি-কাঁচি ধুনীয়াজনী হৈ থাকিব লাগে” “এই আইতাজনীয়ে যে কি কয় এইবোৰ !তাই একো বুজি নাপায় আইতাকৰ কথা আইতাৰ কথা বুজি পাবলৈ আইতাৰ সমান ডাঙৰ হব লাগিব, ন মা ?”--- মাকলৈ তাইৰ এটি সৰল প্রশ্ন অবাক হৈ চাই ৰয় মাকে সাতবছৰীয়া ৰুণিলৈ মাকৰ ভয় কি যে হব এই ছোৱালীজনীৰ ! এনে অদ্ভুত কথা কৈ হাহাকাৰ কৰি মাৰিব কেতিয়াবাঅৱশ্যে তাই মাকৰ পৰা উত্তৰ পোৱাৰ আশাত ইমান পৰ তাত ৰৈ নাথাকে কেতিয়াও

            
কিয় যে মাজনী এনেকুৱা ! একোৱেই নাজানে পাই ! সব কথা আইতাইহে জানেমনতে পাগুলি থকা কথাবোৰ হঠাৎ যেন ডিঙিৰ কাষত পাক-ঘূৰণি খাই ওলাই আহে মা, তই আইতাক সুধি সুধি সব কৰ যে, কিয় ?” অৱশ্যে তেতিয়াও ৰুণি ৰৈ নাথাকে মাকৰ ওচৰত উত্তৰৰ আশাত মাকৰ ভয়, হাজাৰ হলেও তাই ছোৱালী মানুহ ছোৱালী মানুহৰ ইমান প্রশ্ন কৰাৰ কোনো দৰকাৰ নাই কিন্তু ৰুণি ? তাইৰ মনত কৰ কৰ পৰা যে হাজাৰ হাজাৰ প্রশ্ন জমা হয় ভগৱানেহে জানে ৰাতিপুৱা চকু মেলাৰ পৰা ৰাতি টোপনি অহালৈ কত-কিমান প্রশ্ন ! উত্তৰ দিওতাৰ উত্তৰ দি দি ভাগৰ লাগে, কিন্তু তাইহে ভাগৰি নপৰে কেতিয়াও , আৰু কিমান কথা কৈ থাক, শুবিনে এতিয়া ?”--- বুলি প্রতি নিশাই মাকৰ ধমক খোৱাটো তাইৰ এটা নিত্যকর্ম হৈ পৰিছে

            
মা, তই মোক কিয় ধনটি-কণটিহঁতৰ লগত খেলিব নিদিয় ?” বুলি কৈ দৌৰি পলাবলৈ লওতে মাকে থাপ মাৰি ধৰে তাইক
            সিহঁত আমাৰ গাঁৱৰ পুৰোহিতৰ ঘৰৰ লৰা একো দৰকাৰ নাই, সিহঁতৰ লগত খেলিবলৈ
            তাতে কি হলনো?”
            উস্ আকৌ প্রশ্ন? নালাগে বুলি কৈছোঁ নহয় যা ভিতৰতে তই দৰা-কইনা খেলগৈ
       
         “
বেছি কৰে মায়ে খেলিবলৈয়ো যাব নিদিয়ে”----মুখখন ফুলাই ভোৰভোৰাই ভোৰভোৰাই আহি তাইৰ খেলনাবোৰ উলিয়াই লয় ইফালে ঠাইতে বহি পৰে মাক কেনেকৈনো বুজাব তাইক পুৰোহিতহঁত উচ্চ বংশৰ মানু্হ আৰু তেওঁলোক নিম্ন বংশজাত বুলি কিনো বুজি পাব আঁকৰী ছোৱালীজনীয়ে বুজি পাবলৈ বয়সেইনো হৈছে কি! তপত হুমুনিয়াহ এটা বাগৰি যায় মাকৰ
            ভালকৈ মনত আছে মাকৰ, ৰুণিৰ বয়স তেতিয়া মাত্র ডেৰ বছৰ বতৰে বাগৰ সলোৱাৰ বতৰ আছিল সেয়া বেলি লহিয়ালে অলপ ঠাণ্ডা অনুভৱ হয় সন্ধিয়া পৰত ৰুণিক কোলাত লৈ নিচুকাই আছিল তেওঁ তেনেতে কৰ পৰা জানো দৌৰি আহি তেওঁৰ কাষ পালে পুৰোহিতৰ চাৰিবছৰীয়া পুতেক কণটি আৰু তাৰ পাচে পাচে তাৰ মাক, পুৰোহিতনী হৰি বিষ্টু হৰি বিষ্টুবুলি তেওঁ যিটোহে চিঞৰ লগালে টোপনি যোৱা ৰুণি সাৰ পাই কান্দিবলৈ ধৰিলে ঐ মৰাটু, ৰবাক লোগি জাগা নাপলি আৰ ! এইঘৰহে মানহু বিচৰি পালি তই শেষ শেষ, সব শেষ ইতা ঘৰক যাই গা ধুবা লাগবো, তোৰ লগতে ময়ো পৰাচিত হবা লাগবএইবুলি কাণত ধৰি লৰাটোক টানি লৈ গৰ পৰা কি হল ৰুণিৰ মাকে একো তৎ ধৰিব নোৱাৰিলে পিচদিনা শুনিলে কণটিৰ তয়াময়া জ্বৰ পুৰোহিতনীৰ ৰুণিহঁতৰ সাত পুৰুষ উজাৰি পৰা গালি-শপনি শুনি, খৱৰ লবলৈ গৈয়ো আদ্-বাটৰ পৰা ঘূৰি আহিল ৰুণিৰ মাক  তেওঁৰ আৰু বুজিবলৈ বাকী নাথাকিল সেইদিনাই শপত খাইছে তেওঁ, নালাগে তেওঁলোকৰ বাবে কাৰো লৰা-ছোৱালীৰ জ্বৰ হবলৈ যিমান পাৰি দূৰে দূৰে থকাই শ্রেয় সেয়ে ৰুণিক তেওঁ কেতিয়াও নপঠিয়াই সিহঁতৰ ওচৰলৈ কিন্তু ছোৱালীজনী ? তাইৰহে অতবোৰ প্রশ্ন আৰু উজ্জ্বল চকুহালৰ মুখামুখি হবলৈ মাকৰ বৰ কষ্ট হয়

                                            (
২)

            
ৰুণিয়ে আজি আইকণহঁতে কৈ থকা শুনিছে আজি হেনো কণটিহঁতৰ ঘৰত গোপাল-ভোগ খুৱাব কণটিহঁতে আজি সন্ধিয়া চাকি-ধূপ জ্বলাই প্রার্থনা, নাম-প্রসংগও দুশাৰীমান গাব হেনো ! নাম গোৱাত তায়োতো কম নহয় আইতাকৰ লগত গোপাল থানলৈ গৈ তায়ো নামতীহঁতৰ লগত সমানে সমানে নাম গায় আটাইবোৰ পদ-ঘোষা মনত আছে তাইৰ

               “
জয় হৰি গোবিন্দ নাৰায়ণ ৰাম কেশৱ হৰি
               ও ৰাম ৰাম কেশৱ হৰি
               প্রথমে প্রণামো ব্রহ্মৰূপী সনাতন
               সর্ব অৱতাৰৰ কাৰণ নাৰায়ণ।...

মনতে এবাৰ আওৰাই লয় তাই
মাকক তাই নোসোধে মাকে আকৌ আইতাককহে সুধিবলৈ ক ইফালে আইতাকক সুধিবলৈ আইতাকো ঘৰত নাই মনতে থিৰাং কৰে যিয়েই নহওক, যেনেকৈ নহওক আজি আইকণহঁতৰ লগতে কণটিহঁতৰ ঘৰলৈ এপাক যাবই তাই

                                             (
৩)

            
সন্ধিয়া বেলিকা আইকণহঁতৰ লগত ৰুণিও গৈ উপস্থিত হল পুৰোহিতহঁতৰ ঘৰৰ চোতালত পুৰোহিতনী আই ঠগী সজোৱাত ব্যস্ত পুৰোহিত দেউক দেখা নাই ধনটি আৰু কণটিয়ে সমনীয়াহঁতক বহিবলৈ ঢাৰি পাৰি দি গৈছে ইফালে সিফালে চাই টুপুককৈ বহি ললে তাই ঢাৰি এখনত ঠগী সজোৱা হোৱাৰ পাচতে নাম আৰম্ভ হৈ গ এটাৰ পাচত এটাকৈ সলসলীয়াকৈ নামবোৰ গাই গল তাই ঠগীত সেৱা এটি কৰি নাম গোৱা কণমানি ভকতৰ দলটিলৈ পায়স ৰান্ধিবলৈ পুৰোহিতনী আখলত সোমাল ৷ গোৱৰ-মাটিৰে লেপি সূচী কৰি থোৱা চৌকাত জুইকুৰা ধৰি গাখীৰ আৰু জহা চাউল বহাই দি বাহিৰৰ নাম-প্ৰসংগ শুনি লাহে লাহে লৰাই থাকিল তেওঁ ৷ মিচিকিয়াই হাঁহি থকা থাপনাৰ লাৰুৱা গোপালৰ ছৱিখন আখলৰ পৰাও দেখা গৈছে এক সুবিমল প্রশান্তিত পুৰোহিতনীৰ বুকুখন ভৰি উঠিল অজানিতে হাত দুখন লগ হৈ তেওঁৰ কপালৰ সোঁমাজলৈ উঠি আহিল মাজতে এপাকত উঠি গৈ তেল শেষ হবলৈ ধৰা থাপনাৰ চাকিগছত তেল এচাকি বাকি থৈ আহিল তেওঁ ৷ নামৰ শেষত ৰুণিয়ে আপোনমনে চকু মুদি প্রার্থনা গাবলৈ ধৰিলে :

               “
ব্রহ্মা আদি কৰি জীৱ যত        ৰাম ৰাম ৰাম ৰাম ৰাম
                           মায়াশয্যা মাজে আছয় ঘুমটি যাই
               তুমিসে চৈতন্য সনাতন         ৰাম ৰাম ৰাম ৰাম ৰাম
                          আমি অচেতন নিয়োক নাথ জগাই
               ক্ষুদ্র সুখে বহু আশা কৰি         ভৱকূপে জীৱ আছে পৰি
                          কালসর্পে দংশি হৰিল চেতন তাৰ...

------
নাম শেষ হোৱালৈ সন্ধিয়া লাগি ভাগিল

            
ইফালে ঘৰত জীয়েকক নেদেখি ৰুণিৰ মাকৰ অণ্ঠ-কণ্ঠ শুকাই গ খবৰ লৈ গম পালে আইকণো ঘৰত নাই।

           
নাম শেষ হ হঠাৎ ৰুণিয়ে আইতাকহঁতে নামঘৰত দিয়াৰ দৰে হৰিধ্বনি দিবলৈ ললে হৰিধ্বনি শুনি বতাহ এচাটিৰ দৰে বনফুল তেলৰ উগ্র সুৱাস এটি লৈ উৰি অহা দি আহি পুৰোহিতনী চোতালত উবুৰি খাই পৰিল একো বুজি নাপালে তাই মাথোঁ তাইৰ কাজল সনা উজ্জ্বল ধুনীয়া চকুযুৰিত লাজৰ ভাৱ এটাই ঢৌ খেলি গ পুৰোহিতনীয়ে কলে দি আই দি, কুনি হৈধ্বেনি দি আছলি, দি আৰু একবাৰগৌৰৱত তাইৰ সাতবছৰীয়া এধানিমান কলিজাটো ফুলি উঠিল হিয়া উজাৰি আশীর্বাদ দিলে তাই


            
সেৱা লোৱা হোৱাৰ লগে লগে চোতালৰ এমূৰে নীচ জাতৰ মানুহজনী দেখি  বিতৃষ্ণাত মুখখন কোচ খাই আহিল পুৰোহিতনীৰ মানুহজনীৰ দৃষ্টি অনুসৰণ কৰাত মুহূর্ততে যেন তেওঁৰ সকলো কথা পৰিষ্কাৰ হৈ পৰিল তাৰমানে? তাৰমানে ইমান পৰে নাম গাই থকা, হৰি-ধ্বনি দি থকা ছোৱালীজনী সেই নীচ জাতৰ মানুহজনীৰ জীয়েক? ঠাঁচকৈ পূর্ণহতীয়া চৰ এপাতহে পৰিল যেন পুৰোহিতনীৰ গালত আখলত পায়সখিনি বকবককৈ উতলি আছে থাপনাৰ লাৰুৱা গোপালেও পুৰোহিতনীৰ ফালে চাই অলপ আগতে মৰা সেই মন ভুলোৱা হাঁহিটো বন্ধ কৰি যেন তীক্ষ্ণ বিদ্রুপৰহে হাঁহি এটা মাৰিছে কণমানি ভকতসকলৰ বাবে পৰমান্ন সিজাবলৈ দি থৈ অহা আখলৰ চৌকাত নহয় যেন পুৰোহিতনীৰ দুচকুতহে জ্বলিছে পকা আঙঠাবোৰ ৰুণিৰ মাকৰ দুচকুতো মদাৰ ফুলীয়া জুই জ্বলিছে দুয়োৰে দৃষ্টি ৰুণিৰ ওপৰত নিৱদ্ধ আৰু ৰুণি? দেৱশিশুলৈ পৰিণত হৈছে তাই এইবোৰলৈ ভ্রূক্ষেপ নাই কিছু বেলি আগতে পুৰোহিতনীয়ে তেল ঢালি থৈ যোৱা থাপনাৰ চাকিগছৰ উজ্জ্বল হালধীয়া পোহৰত তাইৰ মুখত জলমলাই আছে প্রাপ্তিৰ প্রশান্তি



© Mitali Barman