Pages

Thursday, May 5, 2011

মৰমৰ ভনী তোলৈ........

            আজি মাইনুৰ বিয়া আৰু মই তাইৰ একমাত্ৰ বায়েকজনী (আৰু ঘৰখনৰ বৰজীয়ৰীজনী) ইয়াত বিশ্ববিদ্যালয়ৰ কামত মূৰ গুজি বহি আছোঁ!! নিৰুপায়!!

            মোৰ মৰমৰ মাইনু... সৰু কালৰ বহু স্মৃতি... সৌসিদিনাহে যেন মই তোক মোৰ কোঁচত লব বিচাৰিছিলোঁ আৰু খুৰীমাই মোক বিচনাত বহুৱাই লৈ মোৰ কোঁচত তুলি দিছিল তোক... তই মোৰ কোঁচত উঠিয়েই বমি কৰি দিছিলি পাগলী আৰু মই আলফুলকৈ গামোচাখনেৰে তোৰ মুখ-ডিঙি মচি দিছিলোঁ... মাইনু তোৰ যে স্কুলত লিখা নামটো মৃদুলা’... মোৰ আব্দাৰতেইতো খুৰা-খুৰীমাই এই নামটো ৰাখিছিল... অথচ আজি তোৰ জীৱনৰ এটি অতি গুৰুত্বপূৰ্ণ মূহুৰ্ত্তত মই তোৰ ওচৰত নাই!

            বিহুৰ বতৰত গাঁৱৰ ঘৰলৈ গ
লে যে আমি গোটেইকেইটা বিহু মাৰিবলৈ ওলাই গৈছিলোঁ, মানুহবোৰে একে মুখে কৈছিল বৰ্মনথেৰ ছলিকেটাই বিহু মাৰবা আইছি, চাহি”(খুৰাটোৱে যে আমাক কাৰোবাৰ নজৰ লাগিব বুলি নঙলামুখলৈয়ো ওলাব নিদিছিল আৰু আমিকেইটাইও যে খুৰা অফিচলৈ যোৱাৰ পাচতেই আমাৰ অভিযান আৰম্ভ কৰি দিওঁ!)ৰবাত শিকি আহি মাইনু তই যে মোক বিহু দুফাকি শিকাইছিল পৰ্বতত বিচাৰি/ তোমালৈয়ে বুলি/ কপৌফুল মই আনিলোঁ/ দুতলা সোণেৰে/ মিনা কৰাই কৰাই/ গহনা মই গঢ়ালোঁ/ কাছাৰি ঘাটতে/ বিয়া পাতিম বুলি/ মনতে মই ভাবিলোঁ/ পিৰিতী বতাহত/ উৰি গুচি গলা/ গমকে মই নাপালোঁ”... তা, মই চোন আজিও পাহৰা নাই! সেইবাৰ যে বিহু শেষ হোৱাৰ পাচত নলবাৰীলৈ ঘূৰি গৈ মাইনু তহঁতলৈ মনত পৰি লুকুৱাই লুকুৱাই ইমান কান্দিছিলোঁ! কিন্তু আজি ? মাইনু তই আজি কপালত ৰঙা সুৰুয পিন্ধি এঘৰলৈ ওলাই যাবি... অথচ আজি মই তোৰ কাষত নাই!

            অকণমান ডাঙৰ হোৱাৰ পাচত গাঁৱৰ ঘৰলৈ গ
লে যে জোনাকৰ বহল চোতালত ঢাৰি-পীৰা পাৰি আমি বৰগীত,বিষ্ণু-জ্যোতিৰ গীতৰ মেলা পাতিছিলোঁ আৰু তই যে মোক আব্দাৰ কৰিছিল মাজনী বা এইবাৰ তই, ‘লুইতৰ আকাশত তৰাৰ তৰাৱলীআৰু মোৰ সুৰৰ চুমাত কোন সাৰ পাৱটো গা”! আজি তোৰ বিয়াৰ দিনা কোনে বিয়ানাম গাইছে মাইনু!! কাৰ ওচৰত তই আব্দাৰ কৰিছ!!

            তোৰ যে মুখৰ মাতেই নাই মাইনু
মোক আৰু ভয় কৰাৰ কাৰণ নাই পঢ়ুৱাবলৈ বহি তোক আৰু মই এলজেব্ৰাৰ ফৰ্মূলা নাইবা ৰমন্যাসবাদৰ কথা সুধি কেতিয়াও আমনি নকৰোঁ সিদিনা যে বিয়াত মাতিবলৈ তই ফোন কৰিছিলি মই কি ভাৱিছিলোঁ জান, মোৰ অকণমানি ভনীজনী ইমান ডাঙৰ হৈ গল নে! মোৰ দেউতাই মাক কি কয় শুনিবি ? “ইস্ তাই পাটৰ কাপোৰ পিন্ধিব পৰা হৈছে নে ?” মায়ে হাঁহি হাঁহি কৈছিল দেউতাক কি কথা কয় হে আপুনি ? তাইৰ বিয়া আৰু আপুনি কৈছে তাই পাটৰ কাপোৰ পিন্ধিব পৰা হৈছে নে ?” মাইনু, এখন ঘৰৰ দায়িত্ব লব পৰাকৈ তই ডাঙৰ হৈ গলি নেকি অ’! নাই নাই নাই তই অকণো ডাঙৰ হোৱা নাই মই যে কালি জোৰণৰ পাচত তোলৈ ফোন কৰিছিলোঁ তেতিয়াওতো তই থেনথেনাইছিলি তই নাহিলি”...

            ডাঙৰ খুৰাই আজি পুৱা মোক ফোনত ক
লে তই নাইহ্লি৷ তই আহা হলি ঘৰখান পহৰ হলহৈ! চাচোন ইতাও কইনা অলই নাই৷ তই থাকা হলি তয়ে উইলে দিবা পাল্লি হৈ!”(' তই নাহিলি৷ তই অহা হ'লে ঘৰখন পোহৰ হৈ গ'লহেঁতেন৷ চাচোন কইনা এতিয়াও ওলোৱাই নাই, তই থকা হ'লে তয়ে উলিয়াই দিব পাৰিলিহেঁতেন!)


            উস্ আৰু কোৱা নাযায়... ভিতৰৰ পৰা কিবা এটা আহি মোক কথা ক
ব নোৱাৰা কৰি পেলাইছে অ’... তই কুশলে থাক মাইনু... তোৰ কপালৰ ৰঙা সুৰুযটোৰে সতে তই কুশলে থাক... কুশলে থাক... তই কুশলে থাক...

1 comment:

  1. mi2 ba,sui gol akdum..kushole thakok tai...mor suvokamona..

    ReplyDelete