Pages

Sunday, May 29, 2011

দৈনন্দিন : খণ্ড: ৫

ছাত্র সমাজত কেম্পাচ লেংগুৱেজৰ জনপ্রিয়তা :

বিদ্যালয়-মহাবিদ্যালয়-বিশ্ববিদ্যালয় চৌহদত ছাত্র-ছাত্রীৰ গোটবোৰত এনে কিছুমান শব্দ/বাক্যাংশ-ৰ বহুল প্রয়োগ দেখা যায় যে যিবোৰৰ অর্থ কেৱল সেই নির্দ্দিষ্ট গোটটোতে সীমাৱদ্ধ হৈ থাকে। কিন্তু কেতিয়াবা সেই শব্দ/বাক্যাশং-ই জনপ্রিয়তা লাভ কৰি গোটটোৰ সীমা ভাঙি সর্বসাধাৰণৰ ব্যৱহাৰিক জীৱনৰ অংগস্বৰূপ হৈ পৰে। এই শব্দবোৰৰ হয়তো অভিধানিক অর্থৰ লগত কোনো মিল বিচাৰিলেও পোৱা নাযাব। তৎস্বত্তেও, এই শব্দবোৰৰ বহুল প্রয়োগৰ লগতে এইবোৰৰ জনপ্রিয়তাও নুই কৰিব নোৱাৰি। তেনে কেতবোৰ শব্দ/বাক্যাংশৰ ওপৰত আলোকপাত কৰিবলৈ প্রয়াস কৰা হ’ল :

১/ ‘কামোৰ’--- শব্দটোৰ মূল অর্থতকৈও ইয়াৰ যিটো পৰিৱর্তিত অর্থ বর্তমান সি ছাত্রসমাজত অতিকৈ জনপ্রিয়। দাঁতেৰে জিভা অথবা মুখৰ ভিতৰৰ গাল অংশ বা ওঁঠত কামোৰ খালে আমি দুখ পাওঁ আৰু তাৰপাচৰ কেইদিনমানলৈ আমি যিয়েই নাখাওঁ কিয় সাৱধানে নাখালে চেবাটো কিন্তু সেই কামোৰ খোৱা ঠাইতে পৰিবই। ই বৰ যন্ত্রনাদায়ক। সেয়ে হয়তো অর্থৰ সামান্য পৰিৱর্তন হৈ এতিয়া ব্যক্তি বা পৰিস্থিতিৰ ক্ষেত্রত বুজাবলৈয়ো ইয়াক প্রয়োগ কৰা হৈছে। অর্থাৎ, যি ব্যক্তি বা পৰিস্থিতিত আমি অসন্তোস পাওঁ সিয়েই এতিয়া ‘কামোৰ’ হৈ পৰে। দিল্লীলৈ আহি, মই ৰুৰকীতে জন্ম আৰু ডাঙৰ-দীঘল হোৱা অসমীয়া ছোৱালী এজনী লগ পাইছিলোঁ। তাই যেতিয়া দিল্লীলৈ আহি অসমীয়া বন্ধু-বান্ধৱৰ গোটটোত সোমাই পৰিল, তেতিয়ালৈকে তাই ‘কামোৰ’ শব্দৰ অর্থ বুজি পোৱা হোৱা নাছিল। তাইৰ চিনিয়ৰবোৰে ‘জনৈক কামোৰ’ৰ কথা খুব কয় তাইৰ আগত। এদিন ঘটনাক্রমে তাইৰো সেই ‘জনৈক কামোৰ’ক লগ পোৱাৰ সুযোগ মিলিল। চিনিয়ৰবোৰে তাইক চিনাকি কৰাই দিব পালেহে, তাই টপৰাই ক’লে “অ’ আপুনিয়েই ‘জনৈক কামোৰ’ দাদা নহয়নে?” তাইৰ কথা শুনি আটাইবোৰ হাঁহিত ফাটি পৰিছিল আৰু ‘জনৈক কামোৰ’ৰ মুখখন কেঁহেৰাজবৰণীয়া হৈ গৈছিল। চিনিয়ৰবোৰে তাইক কৈছিল “তোমালৈ বহু ধন্যবাদ !! ইমানদিনে আমি কৰিব নোৱাৰা কামটো তুমি কৰি পেলালা। মুখৰ আগত... হাঃ হাঃ হাঃ...” তাই তেতিয়াও একো বুজা নাছিল। পিচত লগৰ এজনীয়ে বুজাই কোৱাতহে বুজি পাইছিল কথাটোৰ ৰহস্য। আচলতে চিনিয়ৰবোৰে তাৰ নামটো সদায় তাইৰ আগত তেনেকৈয়েই লোৱাৰ বাবেই তাই ল’ৰাজনৰ নামটো ‘জনৈক কামোৰ’ বুলিয়েই ভাৱি আছিল। এতিয়া পিচে তাই ‘কামোৰ’ৰ অর্থ বুজি পায় আৰু পৰিস্থিতি বিশেষে প্রয়োগো কৰে।

২/ ‘টেমা চুটি যোৱা’ / ‘তাঁৰ চিঙি যোৱা’--- এই বাক্যাশং দুটাও ছাত্রসমাজৰ অতি জনপ্রিয়। অতি খঙৰ ভাৱ প্রকাশ কৰিবলৈ ইয়াক ব্যৱহাৰ কৰা হয়। ‘টেমা চুটি যোৱা’ বুলিলে মোৰ দেৱালীৰ সময়ত আমুল-স্প্রেৰ টেমাৰে ঢাকি আলুবোম ফুটোৱা কথাটোহে মনলৈ আহে। বোমাটো টেমাটোৰে ঢাকি থৈ ফুটালে বেছি শব্দ হয় আৰু টেমাটো দূৰলৈ উফৰি যায়। অর্থাৎ কাৰোবাৰ কথাত ইমান খং উঠিছে যে মগজে থৰকাচুটি হেৰুৱাইছে। ‘তাঁৰ চিঙি যোৱা’ বাক্যাংশৰো একে অর্থতে প্রয়োগ হয়। কোনো এটি যন্ত্রৰ তাঁৰবোৰ চিঙি গ’লে তাৰ প্রয়োগ বিসংগত হয়। আৰু যন্ত্রটোৰ তাঁৰনো কেতিয়া চিঙে ? যেতিয়া যন্ত্রটো বহুত বেছিকৈ গৰম হৈ যায় নাইবা যন্ত্রটোৰ অপপ্রয়োগ হয় তেতিয়া। গতিকে কাৰোবাৰ কথাত খং উঠি মগজুৱে কাম নকৰা হ’লে ভিতৰৰ শিৰা-উপশিৰায়ো একো সঁহাৰি নিদিয়া অর্থতে হয়তো এই বাক্যাংশৰ প্রয়োগ হয়।

৩/ ‘বেহু’---- গুৱাহাটীৰ কলেজত পঢ়া ছাত্র-ছাত্রীৰ মাজত প্রচলিত এটা অতি জনপ্রিয় শব্দ।(প্রাপ্ত তথ্যমতে বেহু দুই ধৰণৰ—বি টাইপ আৰু চি টাইপ !! অভিজ্ঞসকলে বুজি পাইছে কিজানি!!) ‘বেহু’ শব্দৰ মূল অর্থ হ’ল ‘আবেষ্টন’। কিন্তু বর্তমান ছাত্র সমাজত ইয়াৰ অর্থৰ পৰিৱর্তন হৈছে। তেওঁলোকৰ প্রয়োগত ‘বেহু’ মানে হ’ল কাৰো একো খবৰ নৰখা, পৃথিৱীৰ ক’ত কি হৈ আছে আওভাও নোপোৱা ‘হেবাং’ ধৰণৰ মানু্হ।

৪/ “চেনী”---- নকৈ কোৱাৰ হয়তো প্রয়োজন নাই, এই শব্দটোৰ জনপ্রিয়তাৰ কথা। বর্তমান যুৱসমাজত এই শব্দটোৱে মূল অর্থ হেৰুৱাই ব্যক্তিবিশেষক বুজাবলৈহে ব্যৱহাৰ হৈছে। “চেনী” “চেনী খোৱা” আদি শব্দৰ জনপ্রিয়তা কিমান বুজিব পাৰিছিলোঁ সিদিনা যিদিনা দেউতাৰ সমবয়সীয়া মানুহ এজনে কথা প্রসংগত “ল’ৰাজন বৰ চেনী” বুলি কৈছিল। তবধ মানিছিলোঁ মই!!

৫/ “খাৰ খোৱা অসমীয়া” বুলি অসমীয়া মানুহৰ এটা নাম (?) আছে। কিন্তু তাকো বর্তমান অসমৰ বাহিৰত থকা ছাত্র-ছাত্রীয়ে নিজৰ সুবিধাৰ বাবে কাটি-কুটি কেৱল “খাৰ” বুলিহে কয়। এবাৰ মোৰ বান্ধৱী দুজনীয়ে দিল্লীত বাছেৰে ভ্রমণ কৰি থাকোতে সিহঁতৰ পাচৰ ‘চিট’ত বহি থকা ডেকাজন অসমীয়া যেন বোধ হ’ল। সিহঁতে নিজৰ মাজত আলোচনা কৰিলে “খাৰ যেন লাগিছে”। বাছৰ পৰা নমাৰ সময়ত ডেকাই ছোৱালীদুজনীলৈ চাই হাঁহি মাৰি কৈ থৈ গ’ল “হয় দিয়ক, মই খাৰেই”। ডেকাজনৰ কথা শুনি ইহঁত দুজনীৰ ফাট মেলা বসুমতী পাতালে লুকাওঁ যেনহে হৈছিল।

৬/ গুৱাহাটী বিশ্ববিদ্যালয় আৰু অসম অভিযান্ত্রিক মহাবিদ্যালয়ত আজিকোপতি ডেকা-গাভৰু নির্বিশেষে “মইনা” শব্দৰ প্রয়োগ হৈ আহিছে। আমি বিশ্ববিদ্যালয়ত পঢ়ি থাকোতে মোৰ লগৰ কাবেৰী ইঞ্জিনিয়াৰিং কলেজৰ ওচৰতে ভাৰা কৰি আছিল কিছুদিন। সেইবাৰ সৰস্বতী পূজাৰ দিনা তাইৰ ভাৰাঘৰলৈ গৈ মেখেলা-চাদৰ পিন্ধি দুয়োজনী ওলাই আহিছোঁহে, ইঞ্জিনিয়াৰিং হোষ্টেলৰ আগত ৰৈ থকা ডেকা এজাকে সমস্বৰে চিঞৰি উঠিল প্রথমে কাবেৰী আৰু লগে লগে মোলৈয়ো বাণপাত টোৱাই “ অ’ মইনা পূজালৈ যোৱা হ’বলা ? আমাৰফালেও আহিবাদেই ! তোমাৰ লগত অহা বগী মইনাজনীকো আনিবাদেই !” আমি দুয়োজনী কোবাকুবিকৈ তাৰ পৰা আঁতৰি গৈছিলোঁ।



এইবোৰ মাত্র সঘনাই ব্যৱহাৰ হোৱা আৰু হাততে ঢুকি পোৱা শব্দ বা বাক্যাংশৰ কেইটামান উদাহৰণহে মাথোন। বিচাৰ-খোচাৰ কৰিলে আৰু বহুতো ওলাব।

1 comment: