Monday, June 23, 2014
ঈশ্বৰৰ স’তে এনিশা
*************
(১) আগনিশা
*********
কালি নিশা ঈশ্বৰ আহিছিল
মোৰ ঘৰলৈ
দুৱাৰত টুকুৰিয়াই তেওঁ
সুধিছিল,
"মে আই কাম ইন?"
এই যেন সোমাবলৈ
সুৰুঙাটি পালে
দুহাত তুলি পোহৰাই
তুলিব
মোৰ ঘৰৰ
এন্ধাৰ কোঠা
পোহৰ মোৰ দুৱাৰমুখত
আৰু মই বাট হেৰুৱাওঁ
জোদিয়াৰ
এন্ধাৰ গলিত…
ঈশ্বৰো দিশহাৰা হ'ল…
(২) মাজনিশা
*********
মই গান্ধাৰী নে ন্যায়ৰ
পুতলা??
দুচকু বান্ধি থোৱা ক’লা কাপোৰখনে
ভেঙুচালি কৰি বাৰে বাৰে
সোঁৱৰাই
ক’লা ৰঙৰ অস্তিত্ব
নাই পখিলা
নাই ৰামধেনু
যদি মই গান্ধাৰী হওঁ
ঈশ্বৰ বহি থাকে
সিংহাসনত
যদি মই ন্যায়ৰ পুতলা
হওঁ
তেতিয়াও ঈশ্বৰ বহি থাকে
ৰাজআসনত
ঈশ্বৰে দেখা নাই
কাহানিও
ৰামধেনুবিহীন দুচকুৰ
আৰ্তনাদ
নাইবা শুনা নাই কাহানিও
ক’লা কাপোৰেৰে বান্ধি থোৱা
তেজ আৰু ধূলিৰে ধূসৰিত
পৃষ্ঠাৰ গাঁথা
তেনে ঈশ্বৰক কিয় ক’ম মই,
“প্লিজ, কাম ইন”
(৩) পুৱতি নিশা
************
জনৈক কবিৰ দৰে চিঞৰি
চিঞৰি
ঈশ্বৰক বুজাই দিওঁ,
“পোহৰতকৈ এন্ধাৰ ভাল”
বৃহন্নলা সময়!!
আজি ঈশ্বৰ অভিমন্যু
আজি ঈশ্বৰে নিজৰ
বিৰুদ্ধে
জেহাদ ঘোষণা কৰিছে
নিজে কৰি চাইছে
যোগ-বিয়োগৰ পাটীগণিত
বাৰে বাৰে লিখিছে
মোহাৰিছে
লিখিছে মোহাৰিছে
লিখিছে মোহাৰিছে
উত্তৰ শূন্য…
**************
**************
Saturday, April 12, 2014
দৈনন্দিন:৭
‘গা ধোৱা’
কেতিয়াবা কিছুমান বাক্যাংশ বা খণ্ডবাক্যই বাক্যভেদে বিভিন্ন অৰ্থ প্ৰকাশ কৰে। আপোনালোকে মন কৰিছে নে আমি সদায় ব্যৱহাৰ কৰি থকা "গা ধোৱা" খণ্ডবাক্যটোৰো বিভিন্ন অৰ্থ আছে। উদাহৰণ দুটামান দিলে কথাটো বেছি পৰিষ্কাৰ হ'ব।
১/ মই গা ধুই ভাত খাম। এই বাক্যটোত সদায় ধোৱাৰ দৰে গা ধোৱা অৰ্থাৎ স্নান কৰা অৰ্থ বুজাইছে।
২/ তেওঁ গা ধুবলৈ গৈছে। এই বাক্যটোত "গা ধোৱা" খণ্ডবাক্যটোৰ অৰ্থৰ প্ৰসাৰ হৈ ব্যক্তিগৰাকীয়ে অকল নিজৰ শৰীৰটো ঘঁহি-পিহি স্নান কৰাটোকে বুজোৱা নাই। তাৰ লগতে গা ধোৱাৰ লগতে আন কিছুমান আনুসংগিক কাম কৰা (শৌচ কৰা) বুজায়। দৰাচলতে আমাৰ আইতাহঁতৰ সময়ৰো আগৰ পৰা শৌচ কৰিবলৈ গ'লে চুৱা যোৱা বুলি ভবা হৈছিল আৰু শুচি হ'বলৈ মানুহে শৌচ কৰি উঠি গা ধুইছিল। সেয়ে পাছলৈ "গা ধোৱা" বাক্যাংশৰ অৰ্থৰ প্ৰসাৰ হৈ পৰে আৰু গা ধুবলৈ যোৱা বুলি ক'লে শৌচ কৰিবলৈ যোৱাটোকো বুজাবলৈ লয়।
৩/ আইতাৰ গাটো ভাল নহয়। মই গৈ সুধিলোঁ, "আইতা, আপোনাৰ কি হৈছেনো?" আইতাই ক'লে, "মাজনী, মোৰ "গা ধোৱা হৈছে"।" আইতাৰ "গা ধোৱা হৈছে" মানে আচলতে কি হৈছে মই বুজি পালোঁ; আইতাৰ পেট চলিছে। আইতাহঁতৰ শৌচ কৰিবলৈ গৈ গা ধোৱাৰ অভ্যাসটো হৈ যোৱা বাবে পেটৰ অসুখ হৈ শৌচ কৰিবলৈ গৈ বাৰে বাৰে গা ধুবলগীয়া হৈছে আৰু বাবে অসুখটোক পেটৰ অসুখ বা পেট চলা বুলি নকৈ অতি কৌশলপূৰ্ণ আৰু পৰিশীলিতভাবে "গা ধোৱা হোৱা" বুলি কৈছে।
৪/ আইজনীয়ে আজি গা ধুইছে। মানে আইজনীয়ে সদায় গা নোধোৱে নেকি? ভুল নুবুজিব, আইজনীয়েও সদায় গা ধোৱে। কিন্তু "আইজনীয়ে আজি গা ধুইছে'--- ইয়াত এক বিশেষ অৰ্থ নিহিত হৈ আছে। ইয়াত "গা ধোৱা' মানে মাহেকীয়া ঋতুস্ৰাবৰ তিনিদিনৰ দিনা বা পাঁচ দিনৰ দিনা গা ধোৱা কাৰ্যটোকহে বুজাইছে।
৫/ বোৱাৰীজনীয়ে যোৱা মাহৰ পৰা গা ধোৱা নাই। মানে বোৱাৰীজনী লেতেৰী বুলি ভাবিছে নেকি? যদি আপোনালোকৰ বোৱাৰীজনীয়ে "গা ধোৱা' নাই সেয়া সন্তোষৰহে কাৰক, ঘৰলৈ নতুন সদস্যৰ আগমনৰ বাৰ্তা। "বোৱাৰীজনীয়ে যোৱা মাহৰ পৰা গা ধোৱা নাই' মানে বোৱাৰীজনীৰ মাহেকীয়া ঋতুচক্ৰ স্থগিত হৈছে, অৰ্থাৎ বোৱাৰীজনী গৰ্ভৱতী হৈছে।
৬/ চহৰত চাকৰি কৰি থকা ডেকা ল'ৰাজনলৈ চাই পেহীয়েকে ল'ৰাৰ মাকক কৈছে,"নবৌ, আমাৰ ল'ৰাটোক গা ধুৱাব লাগে।' মানে ডেকা ল'ৰা এজনে নিজে গা ধুৱ নোৱাৰাৰ অৰ্থ ইয়াত প্ৰকাশ হোৱা নাই। ইয়াত "গা ধোৱা' বাক্যাংশৰ অন্তৰালত আছে 'বিয়াৰ বাবে উপযুক্ত হোৱা' অৰ্থহে। অসমীয়া বিয়াত বিয়াৰ দিনা দৰা/ কইনাক কলৰ তলত গা ধুওৱা ৰীতি আছে। সেয়েহে "আমাৰ ল'ৰাটোক গা ধুৱাব লাগে।' মানে "ল'ৰাৰ বিয়া পাতিব লাগে' কথাটোকহে গুৰুত্ব দি বুজাই দিয়া হৈছে।
এই আটাইকেইটা দিশ সামৰি ৰাজীব ৰঞ্জনে দিয়া এটি উদাহৰণ:
"পাঁচ বছৰৰ আগতেই ল'ৰাক গা ধুৱালোঁ, বোৱাৰীয়ে যোৱা মাহৰ পৰাহে গা ধোৱা নাই। আমাৰ এখেত গা ধুবলৈ গৈছে, অলপ বহক। মই আজি গা ধুইছোঁ। মাজনীয়ে গা ধুই পাকঘৰত
সোমাইছে, চাহ একাপ খাই যাব। আইতাকৰ আকৌ গা ধোৱা হৈছে; তেখেতলৈও সিদ্ধ ভাত দুটামান বহাই দিব লাগিব।"
Friday, March 28, 2014
প্রসংগ : অসমীয়া-হিন্দী... আমাৰ দৈনন্দিন জীৱনৰ কেইটামান টুকুৰা-টুকুৰ দৃশ্য

দৃশ্য: ১
হোটেল ময়ূৰ আসাম, নতুন দিল্লী:
আমাৰ কাষৰে কলিতা খুৰাই খুৰীদেউক দিল্লী দেখুৱাবলৈ লৈ আহিছে। অসমত থকা শাখাটোৰ পৰাই বুকিং কৰাৰ সুবিধা থকা বাবেই তেওঁলোকৰো প্রথম পচন্দ দিল্লীৰ ময়ূৰ আসাম হোটেল। পিচদিনাৰ পৰাই খোৱা পানী দিবলৈ অহা, চাহ দিবলৈ অহা ল’ৰাজন খুৰা-খুৰীহঁতৰ তপনৰ দৰেই লাগিল। তপন, কলিতা খুৰাৰ বন কৰা ল’ৰাটোৰ নাম। খুৰা-খুৰীয়ে পুৱাই গা ধুই ওলাই যায় দিল্লী ভ্রমণৰ বাবে। খুৰা-খুৰী ওলাই যোৱাৰ পাচত এদিন জোৰকৈ এচাটি বতাহ আহিল আৰু খুৰা-খুৰী আহি নৌপাওঁতেই খুৰীয়ে বেলকনিত মেলি থোৱা শাৰীখন গৈ তলত পৰিল। লগে লগে চাহৰ যোগান ধৰা ল’ৰাটোৱে শাৰীখন চিনি পাই আনি থৈ দিলে। খুৰা-খুৰী উভতি অহাত ল’ৰাজন গ’ল শাৰীখন দিবলৈ। খুৰীৰ বাচ্য “থেংক য়্যু ভাইয়া। ৱো আজ বহত “বাতাচ” মাৰ ৰহা থা না, ইচলিয়ে শাৰী গিৰ গিয়া।” ল’ৰাজনে সব বুজিলে মাত্র “বাতাচ মাৰ ৰহা থা”খিনিৰ বাদে!!!!!!
দৃশ্য:২
সৰোজিনী মার্কেট, নতুন দিল্লী:
বৰুৱানী জেঠাইহঁত আহিছে লগৰ কেইবাজনীও বান্ধবীৰ স’তে দিল্লী ভ্রমণ কৰিবলৈ। ফুৰা-চকা কৰাৰ লগতে বজাৰ-সামৰো কৰিব লাগে। এনেয়ো মাইকী মানুহে বজাৰ কৰি ভাল পায় বুলি চাঞ্চ পালেই বৰুৱা জেঠাই শুনাই থাকে। তাতে আৰু এতিয়া অকল বৰুৱানী জেঠায়েই নহয়, লগত দহগৰাকীমান বান্ধবীও। গতিকে যিফালেই গৈছে, কঁপাই গৈছে বাপ্পেকে!! সকলোৰে কাৰণে সৰু-সুৰা কিবা এটা হ’লেও কিনিবই লাগিব। বৰুৱানী জেঠাইৰ এটা ভাল গুণ আছে। আগতে ঘৰৰ বাকীবোৰৰ কাৰণে বজাৰ কৰে আৰু তাৰ পাচত যদি অংক মিলে একেবাৰে শেষত নিজলৈ কিবা এপদ কিনে আৰু, ফুৰিবলৈ অহা ঠাইখনৰ চিন স্বৰূপে। আটাইকেইগৰাকী গ’ল শাৰীৰ দোকান এখনলৈ। বৰুৱানী জেঠাইৰ অংক মিলি আহিছে, সেয়ে তেৱোঁ শাৰী এখন কিনিব পাৰিব। এখন এখনকৈ শাৰী চাই গৈ আছে। তাৰ মাজতে পটককৈ এখন শাৰী জেঠাইৰ চকুত লাগিল। লাগিল যি লাগিলেই, সেইখন মুঠি মাৰি ধৰিলে।
: ভাইয়া, প্রাইচ কিতনা হেয়?
: চির্ফ পন্ধৰচ’ (১৫০০) মেডামজী।
: কি? ক্যা পোন্ধৰশ? এতনা জ্যাদা ক্যু বোলতে হো?
: আৰে মেডামজী “বেছি” নেহী বোলা। দেখিয়ে ইচকা কাম কিতনা
ভাৰী হেয়। পল্লু দেখিয়ে। য়ে শাৰী যব আপ পেহনোগে না মেডাম হমে য়্যাদ কৰোগে, লোগ পুচেংগেং আপকো। আপ বেংগল কা হো
মেডাম?
: হম বেংগলী
নেহী, অসমীয়া।
: হা মেডাম
হামাৰে য়হা আসাম কা বহত কাষ্টোমাৰ আতে হেয় তো হমে ভী থোৰা-বহত আচামী আতে হেয়।
: হয় দে বৰ
অসমীয়া জনাটো! আসাম কা কাষ্টোমাৰ আতে হেয় তো হামকো থোৰা “কমাকে” দো।
: আৰে মেডাম হম
কেইচে আপকো কমাকে দে চকতে হেয়? এইচা নহী বোলতে মেডাম।
এতিয়া আমাৰ বৰুৱানী জেঠায়ে গুৱাহাটীৰ ফাঁচী বজাৰত কোৱা দি ক’লে “থোৰা কমাকে দো” মানে দামটো অলপ কমকৈ ল। কিন্তু দিল্লীৰ দোকানীয়ে বুজিলে “কমাকে দো” মানে “উপার্জন কৰি দে”। তাৰ পাচত বহু পৰ দৰ-দাম কৰি কৰি বৰুৱানী জেঠায়ে নিজৰ অংকৰ হিচাপত মিলায়েই পচন্দৰ শাৰীখন কিনি আনিলে।
দৃশ্য : ৩
শক্তি নগৰ, নতুন দিল্লী (কামৰূপা ছাত্রী
নিবাসৰ বাহিৰত) :
নিজৰ একমাত্র ছোৱালী প্রজ্জ্বলিতাক থ’বলৈ আহিছে কাকতি মহাহঁত। উচ্চতৰ মাধ্যমিকৰ কলা শাখাত সুখ্যাতিৰে উত্তীর্ণ হৈ দিল্লী বিশ্ববিদ্যালয়ৰ এখন আগশাৰীৰ নামজ্বলা কলেজত নাম ভর্তি হৈ গ’ল প্রজ্জ্বলিতাৰ। জীৱনত প্রথমবাৰ বুকুৰ আমঠু ছোৱালীজনীক মাক-দেউতাকে আঁতৰত থ’ব, নানা চিন্তাই জুমুৰি ধৰিছে। হোষ্টেলত থাকিব, কি খাব, কি কৰিব ইত্যাদি ইত্যাদি। হ’লেও দিল্লী হেন ঠাইত অসমীয়া ছোৱালীৰ বাবে হোষ্টেল এটা পাই কিছু হ’লেও সকাহ পাইছে মহাহঁতে। কাইলৈ তেওঁলোক যাবগৈ। সেয়ে আজি প্রজ্জ্বলিতাক “কামৰূপা”ত থ’বলৈ আহিল। যোৱাৰ আগে আগে প্রজ্জ্বলিতাক লৈ হোষ্টেলৰ বাহিৰতে থকা ফল-মূলৰ বজাৰখনলৈ গ’ল। কাকতি মহাই জানে, ছোৱালীয়ে গাখীৰ, কলেৰে ভাত খাই বৰ ভাল পায়। ভাতৰ লগত থকা ব্যঞ্জনবোৰ খাবলৈ বেয়া পালেও তাই গাখীৰ-কলেৰেই দুটেপামান খাব পাৰিব। এই ভাবি গ’ল তেখেত কল কিনিবলৈ...
সুধিলে, “ভাইয়া “কল” কা দাম কিতনা হেয়?”
দোকানীৰ
নির্লিপ্ত স্বৰত উত্তৰ, “কল কা দাম যিতনা থা আজ ভী উতনাহী হেয়।”
মহাই সুধিলে কলৰ
দাম কিমান? কিন্তু “কল কা দাম কিতনা” মানে দোকানীয়ে ভাবিলে “কালিৰ দাম কিমান আছিল”। খেলিমেলিটো বুজি পাই
প্রজ্জ্বলিতাই পৰিস্থিতিটো চম্ভালি ল’লে।
দৃশ্য : ৪
মুনিৰকা, নতুন দিল্লী:
নয়নী, প্রণামিকা, মূর্চনা, পৰী, ইন্দ্রজিৎ আৰু পার্থৰ স’তে একেলগে দিল্লীস্থিত শংকৰদেৱ ভবনলৈ গৈ আছোঁ। পার্থই আৰম্ভ কৰিলে: এবাৰ মোৰ বন্ধুৰ কোনোবা সম্পর্কীয় মানুহ আহিছিল দিল্লীলৈ বেমাৰ দেখুৱাবলৈ। ৰোগীক লগত লৈ হস্পিতাললৈ তাঁত-বাতি কাঢ়ি থকা হৈছে। ডাক্তৰে ৰোগীক সুষম আহাৰ খাবলৈ উপদেশ দিছে, শাক-পাচলি, কণী, মাছ ইত্যাদি। ইমান দিনে ৰোগীৰ লগতে নিৰামিষ আহাৰ খাই থকা কেইজনেও ভালে পালে। ৰোগীৰ ভতিজাক বজাৰলৈ ওলাই গ’ল, মাছ বিচাৰি। তেওঁৰ মনত পৰিল আগতে তেওঁৰ বেমাৰ-আজাৰ হ’লে মাক-আইতাকহঁতে মাগুৰ মাছৰ জোল ৰান্ধি খুৱাইছিল। মাগুৰ মাছ বিচাৰি ভতিজাক মাছৰ বজাৰলৈ সোমাই গ’ল। মাছৰ বজাৰত মাগুৰ মাছ নেদেখি মনটো বেয়া লাগিলেও শেষত মাছৰ বেপাৰী এজনকে সুধি চোৱা যাওক বুলি আগবাঢ়িল...
: ভাইয়া, আপকে পাচ মগৰ মছ নেহী হেয় ক্যা? কাহা মিলেগা?
: ক্যা? “মগৰমচ্চ”?? আপ কাহা চে আয়ে হো আয়ে হো ভাইয়্যা?
: হম আচাম চে
আয়ে হেয়।
: ক্যা বাত বোল
ৰহে হো ভাইয়্যা, আচাম লে লোগ “মগৰমচ্চ” ভী খাতে হেয়?
বেচেৰা ভতিজাকজন, খুৰাকৰ বাবে বিচাৰি গ’ল মাগুৰ মাছ, আৰু বেপাৰীয়ে বুজিলে, তেওঁ আৰু গোটেই অসমৰ মানুহে “মগৰমচ্চ” মানে ঘৰিয়াল খায়!!
দৃশ্য : ৫
বিদ্যালয়ৰ
শিক্ষকৰ বৈঠক কোঠা, ৰুৰকি :
ৰ’দালি মাহীয়ে ৰুৰকিৰ স্কুল এখনত পঢ়ুৱায়। প্রায় এবছৰেই হ’ল মহাৰ ৰুৰকিলৈ বদলি হোৱাৰ। মহা কামলৈ যোৱাৰ পৰতেই মাহীক স্কুলত নমাই থৈ যায়। এবাৰ মহা অ’ফিচ টুৰলৈ গ’ল। মাহীয়ে সেইকেইদিন অকলে অহা-যোৱা কৰিলে। তেতিয়া হঠাৎ এদিন পুৱাৰ পৰা বৰষুণ দিয়াত মাহীয়ে ছাতি টানি স্কুললৈ গ’ল। বৰষুণত ভিজি যোৱা ছাতিটো শুকাবলৈ মেলি দি মাহী শ্রেণী কোঠালৈ গ’ল। স্কুলৰ পৰা উভতিবৰ পৰত থৈ যোৱা ঠাইত ছাতিটো নেদেখি মাহী বিমোৰত পৰিল। বৰষুণ দিয়েই আছে। ছাতিটো নাপালে কেনেকৈ যোৱা যাব! মাহীৰ মুখত চিন্তাৰ ৰেখা দেখি তেওঁৰ সহকর্মী এগৰাকীয়ে সুধিলে,
: ক্যা হুৱা মেডামজী?
চিন্তাক্লিষ্টভাৱে
মাহীয়ে ওলোটাই প্রশ্ন কৰিলে,
:মেৰা ছাতি কহা
গেয়া?
কথা শুনি
সহকর্মীগৰাকীৰ চকু কপালত উঠিল। আকৌ সুধিলে,
: ক্যা মেডামজী?
মাহীয়ে ক’লে : ছাতি ছাতি, মেৰা ছাতি কহা গেয়া?
অবাক হৈ চাই
ৰোৱা সহকর্মীগৰাকীৰ মুখলৈ চাই মাহীয়ে নিজৰ ভুল ধৰিব পাৰিলে যে হিন্দীত “ছাতি” মানে বুকু আৰু “ছাতা” মানেহে আমাৰ অসমীয়াৰ ছাতি। এইবাৰ
মাহীয়ে ক’লে,
: হোৱেৰ ইজ মাই
আমব্রেলা?
এইবাৰ মাহীৰ
প্রশ্নত গোটেইজাক সহকর্মী হাঁহিত ফাটি পৰিল।
দৃশ্য : ৬
দক্ষিণ ভাৰত
অভিমুখী ৰেল:
আমাৰ কাষৰে বলেন দা এবাৰ দক্ষিণ ভাৰত ভ্রমণ কৰাৰ মন হ’ল। বলেন দাই সেয়ে পলম নকৰি ৰেলৰ টিকেট কাটি পেলালে। নির্ধাৰিত দিনত আৰম্ভ হ’ল তেওঁৰ ৰেল যাত্রা। গৈ আছে, গৈ আছে, গৈ আছে... নিশা নামি আহিল। ৰেলৰ মানুহবোৰে অলপ-চলপ কিবা-কিবি খাই টোপনিত পৰিল। আমাৰ বলেন দাই পিচে ৰাতিটো নুশুৱাকৈ পাৰ কৰিম বুলি ভাবি খিড়িকীৰে বাহিৰৰ জগতখন চাই যাবলৈ ধৰিলে। মুখত লগা বতাহজাকে দিনৰ গৰমটোৰ কথা অলপ হ’লেও পাহৰাইছে। দূৰৈৰ গছবোৰ-খুটাবোৰ সকলোকে পিচ পেলাই ৰেলখনে তীব্র দৌৰ এটা মাৰি আছে আৰু দৌৰৰ লগে লগে তাৰ গর্ভৰ ভিতৰত কঢ়িয়াই নিছে বলেন দাহঁতৰ দৰে এজাক যাত্রী... গৈ আছে, গৈ আছে, গৈ আছে... কেতিয়ানো মুখখন ঢাকি টোপনি গ’ল বলেন দাই গমেই নাপালে। পুৱা তেওঁ কাষতে তেওঁৰ নাম লৈ লৈ কোনোবাই মতাতহে তেওঁ সাৰ পালে। তেওঁৰ কাষতে ঠিয় হৈ যেন কোনোবাই মাতি আছে,”বলেন দা, বলেন দা”। টোপনিৰ আলি-জালিতে বলেন দাই ভাবিবলৈ ধৰিলে,“ কোন হ’ব পাৰে? কোনেনো মোক ইয়াত নাম কাঢ়ি মাতিব পাৰে? মই জনাত এই দবাটোতটো কোনো চিনাকি মানুহ নাই। কোন হ’ব পাৰে!” ইফালে সেইজনে তৰা-নৰা চিঙি মাতিয়েই আছে, “বলেন দা, বলেন দা, বলেন দা”। বলেন দাই মুখখন ঘূৰাই চকু দুটা মোহাৰি দেখিলে, ওচৰতে এটা ল’ৰাই চাহ, বিস্কুট, কণী আদি বেচিবলৈ ৰৈ আছে। মানে ৰেলখন এটা ষ্টেচনত ৰৈছিল বাবে আনবোৰ হকাৰৰ লগতে চাহ বেচিবলৈ এই ল’ৰাটো ৰেলখনলৈ উঠি আহিছিল। “কিন্তু ক’তা, ইয়াকতো মই চিনি নাপাওঁ, তেন্তে কোনেনো মোক “বলেন দা” বুলি নাম কাঢ়ি মাতিলে?” প্রশ্নটোৰ উত্তৰ পাবলৈ বলেন দা বেছি সময় ৰ’বলগীয়া নহ’ল। দুই চেকেণ্ডমানৰ পাচতেই সেই চাহ বেচিবলৈ অহা হকাৰটোৱে চিঞৰিলে “বয়েল অণ্ডা”। বলেন দাৰ হাঁহি উঠি গ’ল। হকাৰটোৱে ক’লে, “বয়ল অণ্ডা”, বলেন দাই বুজিলে “বলেন দা” :P
দৃশ্য : ৭
ভঙাগড়, গুৱাহাটী:
সোতৰ-ওঠৰ বছৰীয়া এগৰাকী যুবতী; চকুত চানগ্লাচ, হাতত মোবাইল, ভৰিত হাই হিল, পিন্ধনত জিনচ আৰু কূর্তা। গছ এডালৰ ছায়াত মোবাইলটোতে কেতিয়াবাৰ পৰা টিপিক-টাপাক কৈ কিবা-কিবি কৰি আছে, কথা পাতিছে, মেচেজ দিছে আৰু কিবা-কিবি কৰি আছে। অকণমান আঁতৰত ৰৈ থকা ৰিক্সাৱালাটোৱেও তাইৰ গতি-বিধি লক্ষ্য কৰি আছে। হঠাৎ এবাৰ ফোনটো কাণৰ কাষলৈ নি তাই চিঞৰি উঠিল “কি, তুমি ইয়ালৈ নাহা? আই মিন টু চে, তুমি মোক নিবলৈ নাহা?... বাট, কিয়? ইম্মান ৰ’দত কেতিয়াবাৰ পৰাই ৰৈ আছোঁ।... অ’কে অ’কে... কেনেকৈ যাম?... অহ, ৰিক্সা লৈ গ’লে হ’বনে?... বাৰু গৈ আছোঁ।” ফোন থৈ যুবতী হাজিৰ হ’ল ৰিক্সাৱালাজনৰ ওচৰত। যুবতীৰ দুর্ভাগ্য ৰিক্সাৱালাজন নতুন! তাই অসমীয়াত কথাখিনি কওঁতে সি মুখ মেলি চাইহে থাকিল। এইবাৰ যুবতীয়ে হিন্দী-অসমীয়া মিহলাই আনবোৰ ৰিক্সাৱালাক কোৱাৰ দৰে ক’লে,
: বোলোতো
উলুবাৰী।
: উলুবাৰী।
যুবতীয়ে কোৱাখিনিৰ অর্থ আনবোৰ ৰিক্সাৱালাই বুজিলেহেঁতেন এইদৰে “ব’লাচোন উলুবাৰী” এতিয়া দেশৰ আন প্রদেশৰ পৰা নতুনকৈ অহা এই ৰিক্সাৱালাজনে “বোলোতো উলুবাৰী” মানে বুজিলে “উলুবাৰী বুলি কোৱাচোন!” আৰু সি তাকেই কৰিলে, ক’লে “উলুবাৰী”। অৱশেষত যুবতীয়ে তাক সি বুজি পোৱা ধৰণে বুজাই উলুবাৰী পালেগৈ।
Subscribe to:
Posts (Atom)